চৰকাৰী চাকৰিৰে নিৱনুৱা সমস্যা সমাধান কৰিব নোৱাৰিঃ চন্দ্ৰ

নলবাৰীঃ নিৰ্বাচনৰ পূৰ্বে নিৱনুৱাক নিয়ুক্তি দিম বুলি বৰ বৰ কথা কোৱা বিজেপি দলৰ নেতাই এতিয়া চাকৰি কৰ পৰা দিম বুলি অসহায় স্বীকাৰোক্তি দিবলৈ আৰম্ভ কৰিছে৷ ২০১৪ চনৰ লোক সভা নিৰ্বাচনত বছৰত ২ কোটি লোকক চাকৰি দিম বুলি কোৱাৰ লগতে বিধান সভা নিৰ্বাচনত মিত্ৰ জোঁটে বছৰত ২ লাখ লোকক চাকৰি দিম বুলি বৰ লবৰ ভাষণ দিছিল৷ কোনো দলৰ নেতাই পিছ পৰি থকা নাছিল৷

কিন্তু চাকৰি দিয়াটো দূৰৰ বৰ্তমান চাকৰি দিব নোৱাৰাৰ কথা সভা সমিতিয়ে অসহায় স্বীকাৰোক্তি দিবলৈ আৰম্ভ কৰিছে চৰকাৰৰ মন্ত্ৰীয়ে৷ ধৰ্মপুৰ সমষ্টিৰ বিধায়ক, ৰাজ্যৰ পৰিবহন, উদ্যোগ মন্ত্ৰীয়ে নিজৰ সমষ্টিৰ কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰি ৰাইজক উদ্দেশ্যে দিয়া ভাষণৰ জড়িয়তে নিজ সমষ্টিতে অসহায় স্বীকাৰোক্তি দিয়ে৷ অসমত ষোল্ল লাখৰো অধিক শিক্ষত নিৱনুৱা থকা বুলি কৈ চন্দ্ৰমোহনে বছৰত মাত্ৰ দহ-পোন্ধৰ হেজাৰ হে চৰকাৰী চাকৰি ওলাই বুলি কয়৷

সেয়েহে নিৱনুৱা সমস্যা সমাধান কৰিব লগা হলে কেৱল চৰকাৰী চাকৰিৰে সমাধান সম্ভৱ নহয় বুলি কয়। ইয়াৰ বাবে বৃহৎ বিনিয়োগ লাগিব বুলি কৈ একপ্ৰকাৰ নিৰ্বাচনত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিক নিজে ভংগ কৰে। মঙলবাৰে নলবাৰীৰ বানেকুছি কাছিমপুৰ-চাপ্লেকুছি সংযোগী পথৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী  বিনিয়োগ নহলে নিয়োগ অসম্ভৱ বুলিও কয়। বৰ্তমানৰ চৰকাৰে এই নিয়োগ বিনিয়োগৰ বাবে যথেষ্ট ব্যৱস্থা হাতত লৈছে।

এই উদ্দেশ্যে ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী ভাগে ভাগে বিদেশ ভ্ৰমণ কৰি বিনিয়োগকাৰীৰ সন্ধান চলাইছে বুলি কৈ উদ্দেশ্য বহু পৰিমাণে সফল হোৱা বুলি মন্তব্য কৰে পাটোৱাৰীয়ে৷ চৰকাৰৰ প্ৰচেষ্টাত ছয় হেজাৰ পাচঁ শ কৌটি টকা আমাৰ ৰাজ্যত বিনিয়োগ কৰিছে। পাটোৱাৰীয়ে খুকুন্দিত এটা সভা গৃহও উদ্বোধন কৰে। অনুষ্ঠানত নলবাৰীৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস, নলবাৰী জিলা পৰিষদৰ সভানেত্ৰী চপলা ৰাজবংশী মেধি, মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা, জিলা উন্নয়ণ আয়ুক্ত নাদিৰা জেছমিন, আৰক্ষী অধীক্ষক হেমন্ত ভট্টাচাৰ্য উপস্থিত থাকে।