নিতৌ আধাৰশিলা, সোমবাৰে ১৪ খন আঁচনিৰ আধাৰশিলা স্থাপন কৰে পৱন কুমাৰে

খেৰণিঃ নিতৌ ন’ ন’ আঁচনিৰ আধাৰশিলা স্থাপন কৰি একপ্ৰকাৰ ৰেকৰ্ড গঢ়াৰ দিশে আগবাঢ়িছে কাৰ্ব আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী, কাৰ্যবাহী আৰু সাধাৰণ সদস্যই৷ যোৱা ৩৬ ঘন্টাত প্ৰায় ৪৫ খনকৈ আঁচনিৰ আধাৰশিলা স্থাপনৰ পিছত পুনৰ সোমবাৰে ১৪ খনকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷ একপ্ৰকাৰ ৰেকৰ্ড গঢ়াৰ দিশে আগবাঢ়িছে৷

কাৰ্বি আংলঙৰ বৈঠালাংছ বিধানসভা সমষ্টিৰ তথা ৭নং কপিলী পৰিষদীয় সমষ্টিত সোমবাৰে কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি পৰিষদৰ সদস্য পৱন কুমাৰে। গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ হনছিং টেৰাং, সদস্য বাবুৰাম ৰংফাৰ, ধংছিং তিচ্ছ'ৰ, পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা মনমী টেৰনপি, ৰংখাং উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা আইকমেন হাঞ্চে, গ্ৰাম সেৱক প্ৰলাশ মিলিক, লংছিং টিছ', লুংছে ডেৰাৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে কুমাৰে।

থেছ'-টেৰাং গড়কাপ্তানী পথৰ পৰা ৰঙীয়াবস্তী সংযোগী পেভাৰ্চ পথ, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ২নং ৰিকাংমিহম-লাংপাৰপান সংযোগী পকী পথ, থেছ'বিল দুৰং আৰু সোনমীলাংছ' ইংতি গাঁৱত ফাৰ্ম পণ্ড, লাংপাৰপান-নিহাং গাঁও সংযোগী পথ নিৰ্মাণ, জেংখা সাপ্তাহিক বজাৰত পানী নিষ্কাশনৰ নৰ্দমা, প্ৰিলু ৰংহাং-দৈদাক বস্তী সংযোগী পথ, প্ৰিলু গড়কাপ্তানী পথৰ সমীপতে বৃক্ষৰোপণ, চেংবং, নিহাং গাঁও, বৰ-মাটিখোলা আদি স্থানত মুঠ ১৪খনকৈ আঁচনি ৰূপায়ণৰ উদ্দেশ্যেৰে আধাৰশিলা স্থাপন কৰে পৱন কুমাৰে।

আধাৰশিলা স্থাপন কৰি পৱন কুমাৰে পৰিবৰ্তনকামী বিজেপি চৰকাৰৰ উদ্দেশ্যে আৰু সপোন পূৰণ কৰিবলৈ ৰাইজে সদায় সহায় সহযোগ আগবঢ়াই যাব লাগিব বুলি কয়। সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ বাবে ৰাইজৰ ত্যাগ-পৰিশ্ৰম, সৃষ্টিশীল মনোভাৱ, মননশীল মানসিকতাৰ প্ৰয়োজন বাৰুকৈয়ে বাঞ্চনীয়৷