
দেৰগাঁওঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক অধিবেশন এইবেলি গোলাঘাট জিলাৰ দেৰগাঁৱত অনুষ্ঠিত হ’ব৷ দেওবাৰে অধিৱেশনৰ লাইখুটা স্থাপন কৰা হগয়৷ পণ্ডিত ৰায়বাহাদুৰ গোপিকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত তথা দাধৰা আহোম পথাৰত দেওবাৰে প্ৰায় পোন্ধৰ সহস্ৰাধিক ভকত-বৈষ্ণৱৰ উপস্থিতিত আধ্যাত্মিক পৰিবেশত লাইখুটা স্থাপন কৰা হয় অধিবেশনৰ৷ কাৰ্যসূচীত ভকত-বৈষ্ণৱৰ হৰিনাম ধ্বনিৰে সমগ্ৰ পৰিৱেশ জীপাল হৈ পৰে।
আদৰণী সমিতিৰ সভাপতি পৱিত্ৰ প্ৰাণ বৰাই আঁতধৰা অনুষ্ঠানত লাইখুটা স্থাপন কৰে শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই।অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱকে ধৰি মূল সংঘৰ প্ৰায়বোৰ বিষয়-ববীয়া তথা নিকটৱৰ্তী জিলা সমূহৰো বিষয়-ববীয়া উপস্থিত থাকে। লাইখুটা স্থাপনৰ পিছতে এখন মুকলি সভা অনুষ্ঠিত হয়। মূল সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুল সংঘৰ প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই উদ্বোধন কৰা সভাত অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশ লয়।
অসম চৰকাৰে অধিৱেশনত সৰ্বতো প্ৰকাৰৰ সহযোগিতা আগবঢ়াব বুলি কথা দি শৃংখলাৱদ্ধ ভাবে অনুষ্ঠানৰ সমাপ্তি ঘটাবলৈ সকলোকে আহ্বান জনায় মন্ত্ৰী অতুলে। সভাত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বিশিষ্ট অতিথিৰ হিচাপে উপস্থতি থাকি শংকৰদেৱ সংঘই অসমলৈ আগবঢ়োৱা বৰঙনিৰ শলাগ লয় আৰু আগন্তক অধিৱেশন সফল হোৱাৰ বাবে সেৱা জনায়।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত, খুমটাই সমষ্টিৰ বিধায়ক তথা আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি মৃণাল শইকীয়া, প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, দেৰগাও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভড়ালী, সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মৃদুল শইকীয়া, সাধাৰণ সম্পাদক অভিৱৰ্তন গোস্বামী, দেৰগাও সমষ্টিৰ প্ৰাক্তন বিধায়িকা আৰতী হাজৰিকা কছাৰী, গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱৰয়, দেৰগাঁও পৌৰসভাৰ পৌৰপতি অৰুণাভ কলিতা, উদযাপন সমিতিৰ উপ-সভাপতি নুৰুল চুলতানে।