
কোকৰাঝাৰঃ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বুধবাৰে কোকৰাঝাৰৰ তিতাগুৰীৰ ভৱানীপুৰস্থিত সংগ্ৰাহালয়ত ১,১৭,০০,৫০০ টকা ব্যয় সাপেক্ষে নৱনিৰ্মিত অত্যাধুনিক জৌহৌলাও নীলেশ্বৰ ব্ৰহ্ম মিলৌডো আৰ্কাইভৰ শুভ উদ্বোধন কৰে৷ কোকৰাঝাৰ চহৰৰ ডিমলগাঁৱত এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা আবকাৰী বিভাগৰ বিভাগীয় মুৰব্বীৰ কাৰ্যালয় গৃহটোৰো শুভ উদ্বোধন কৰে৷
তদুপৰি হাগ্ৰামা মহিলাৰীয়ে বুধবাৰে কোকৰাঝাৰ চহৰৰ সমীপৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত প্ৰায় ৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হ’বলগীয়া উপ-আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ আধাৰ শিলাও স্থাপন কৰে৷ মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰাৰ পিছতেই আগন্তুক এবছৰৰ ভিতৰত নিৰ্মানকাৰ্য সম্পূৰ্ণ হ’বলগীয়া বিজ্ঞান কেন্দ্ৰটোৰ ৯০ শতাংশ খৰচ ভাৰত চৰকাৰ আৰু ১০ শতাংশ খৰচ বিটিচি চৰকাৰে বহন কৰিব বুলি কয়৷
ইপিনে বুধবাৰৰ আধাৰশিলা স্থাপন কাৰ্যসূচীৰ অনুষ্ঠানত উপস্থিত থাকে বিটিচি উপমুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী, কাৰ্যবাহী সদস্য ক্ৰমে-দনেশ্বৰ গয়াৰী, ৰাজীৱ কুমাৰ ব্ৰহ্ম, লৌমশ্ৰাও দৈমাৰী আৰু জগদ্বীশ সৰকাৰকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে৷