ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ দাবীত ৰাজ্যজুৰি যুৱ-ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

ৰঙিয়া/বোকাজান/চিচিবৰগাওঁ/নলবাৰীঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানত ৰাজ পথলৈ ওলাই আহিল ৰাইজ৷ হাত হাতে জোঁৰ লৈ ৰাজ পথ কপালে উজনি-নামনিৰ ৰাইজে৷ অসমৰ মাটি এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰি ৰাজ্য উত্তাল কৰে যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত অসমৰ ৰাইজে৷ সংগঠনটোৰ নেতৃত্বত ওলাই অহা উজনি-নামনিৰ হাজাৰ হাজৰ লোকে হাতে হাতে জোঁৰ লৈ অসমৰ ভূমি এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰি চৰকাৰক সকীয়নি প্ৰদান কৰে৷

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে নাগালিমত অসমৰ ভূমি অন্তৰ্ভুক্ত কৰিব বিছৰাৰ প্ৰতিবাদত তথা নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ দাবীত ৰঙিয়া, ধেমাজি, নলবাৰী, জিলা সমিতিৰ লগতে সমগ্ৰ অসমৰ জিলা সমিতি সমূহে প্ৰতিবাদ সাব্যস্ত কৰে৷

জোঁৰ সমদল কৰি চৰকাৰ বিৰোধি শ্ল’গানেৰে আকাশ-বতাহ কপাই তোলে। বিজেপি চৰকাৰ গ'বেক, বিজেপি চৰকাৰ হায়-হায়, কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ গ'বেগ ধ্বনিৰে উত্তাল কৰে পৰিবেশ। কাৰ্যসূচীত অংশগ্ৰহণ কৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগাৰীক নেতাই৷ অসমৰ ভূমিৰ ওপৰত কেন্দ্ৰক চকু নিদিবলৈ সকীয়াই দিয়ে নেতাসকলে৷ তেজ দি হলেও অসমৰ সীমা ৰক্ষা কৰিবলৈ যুৱ-ছাত্ৰ সাজু বুলি কয়৷