
আমগুৰিঃ সাত ভনী একেলগে আছিল৷ সাত ভনী মৰম চেনেহেৰে একেডাল এনাজৰীৰে বান্ধ খাই আছিল৷ হয়, উত্তৰ পুৰ্বাঞ্চলৰ তথাই কৈছো৷ তাহানি সমিলমিলেৰে একেলগে থকা উত্তৰ পূৰ্বাঞ্চল এদিন ৰাজনীতিৰ পাকচক্ৰত পৰি ভাগ ভাগ হ’ল৷ এদিন বৰ অসমৰ পৰা সকলোৱে আতৰি গ’ল৷ তাহানিৰ বৰ অসম ভাগ ভাগ হৈ সাত ভনী হ’ল৷ বৰ অসমৰ নগা ভাই সকল একালত আমাৰ পৰা পৰা আঁতৰি সুকীয়া ৰাজ্য গঠন কৰিলে৷ তাৰ পিছতো বৰ অসমৰ অংগ নগাসকলে আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে বিগত বছৰ বছৰ ধৰি ৰাষ্ট্ৰৰ বিপক্ষে সংগ্ৰাম কৰি আহিছে৷
হাতত অস্ত্ৰ লৈ কৰি অহা সংগ্ৰামৰ জড়িয়তে নগা জাতিয়ে দাবী কৰি আহিছে এখন ৰাষ্ট্ৰ৷ সুকীয়া ৰাষ্ট্ৰৰ দাবীত ৰক্তাক্ত বিদ্ৰোহ কৰাৰ অন্তত অগ্নিগৰ্ভা হৈ পৰে নাগালেণ্ড৷ এই সংগ্ৰামক ভাৰত চৰকাৰে সন্মান জনাই ইতিমধ্যে আলোচনা কৰিছে৷ কিন্তু এই সংগ্ৰামে অৱশেষত ক্ষতি কৰিব পাৰে অসমক৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কোনো এখন ৰাজ্যৰ লোকৰ সৈতে আলোচনাত নবহি নিশাৰ ভিতৰতে স্বাক্ষৰ কৰিছিল এখন চুক্তিৰ৷ এই চুক্তিয়ে এতিয়া অসমৰ মানুহক শংকিত কৰি তুলিছে৷ আকৌ এবাৰ অসমীয়াক ৰাজ পথলৈ ওলাই আহিবলৈ বাধ্য কৰালে দিল্লীয়ে৷
এই চুক্তিয়ে অসমত সৃষ্টি কৰিব পাৰে অনাকাংক্ষিত পৰিস্থিতিৰ৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে অন্ধকাৰত ৰাখি সম্পাদনা কৰিছে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা সম্প্ৰতি প্ৰচাৰ মতে তাত অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰিব এয়া স্পষ্ট৷ এই বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰিছে বুলিও ধাৰণা কৰিব পাৰি৷ এই চুক্তিখন সম্পাদন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সবিশেষ অৱগত নকৰোৱাৰ লগতে জড়িত নকৰাটো দুৰ্ভাগ্যজনক বিষয় বুলি ইতিমধ্য চৰ্চিত হৈছে৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিত বৃহত্তৰ নাগালিম গঠনৰ কথা মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰিছে সেয়া যদি হয় তেন্তে অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং৷
যাৰ ফলত পুনৰ ৰাজপথলৈ ওলাই আহি দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ দল-সংগঠনে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সকীয়নি প্ৰদান কৰে চৰকাৰক৷ জাতীয়তাবাদী তথা জনগোষ্ঠীয় সংগঠনে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে একাংশ ৰাজনৈতিক দলে এতিয়া এই বিষয়ক লৈ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ বিজেপি আৰু কংগ্ৰেছ দলে বাক যুদ্ধৰে সমস্ত পৰিবেশ ধুঁৱলী-কুঁৱলী কৰাৰ অভিযোগ উত্থাপন কৰে একাংশ লোকে৷
কংগ্ৰেছ দলে এই বিষয়ত যোৱা কেইবাটাও দিন ধৰি উজনি অসমত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ মাটি নাগালীমক নোসোমাই বুলি স্পষ্ট কৰিবলৈ বাধ্য হয়৷ তাৰ মাজতে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট শীঘ্ৰেই ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰি অসম নগালেণ্ড সীমান্তৱৰ্তী এলেকাসমূহত প্ৰতিবাদ সাব্যস্ত কৰা কংগ্ৰেছ দলক ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰাৰ প্ৰত্যুত্তৰো দিয়ে৷ সোমবাৰে আমগুৰিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰতিক্ৰিয়াও প্ৰকাশ কৰে।
আমগুৰি ব্লক, গৌৰীসাগৰ ব্লক আৰু আমগুৰি নগৰ ব্লক কংগ্ৰছে আয়োজন কৰা এক ৰাজহুৱা সভাত ৰিপুন বৰাই বিজেপি দল আৰু মুখ্যমন্ত্ৰীৰ কাম কাজক তীব্ৰ সমালোচনা কৰে। আমগুৰি ব্লক কংগ্ৰেছৰ সভাপতি নন্দেশ্বৰ দুৱৰাই আঁত ধৰা অনুষ্ঠানটোত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সুশান্ত বুঢ়া গোহাঁই আৰু মহিলা কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্ত উপস্থিত থাকি আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত বিজেপি দলৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ বাবে আহ্বান জনায়।
সাংবাদিকৰ সৈতে মুখামুখি হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৰাজ্য চৰকাৰৰ নিস্ক্ৰীয় শক্তি বিভাগৰ বাবেই বিগত কিছু দিনৰ ভিতৰতে ডেৰশৰো অধিক লোকে অকালতে প্ৰাণ হেৰুওৱাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে। শক্তি বিভাগৰ দায়িত্বত থকা তাঁৰ চিগা মন্ত্ৰীজনৰ সম্পৰ্কতো কটাক্ষ কৰে ৰিপুণ বৰাই। ডেৰ বছৰ শাসন কাল অতিক্ৰম কৰাৰ পাছতো সম্পূৰ্ণ মন্ত্ৰী সভাখন গঠন কৰিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ সমস্যাৰ কি সমাধান কৰিব বুলিও সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।