
ডিব্ৰুগড়ঃ শিক্ষাই মানুহক পোহৰৰ সন্ধান দিয়ে৷ শিক্ষা নাথাকিলে চকু থাকিও যেন অন্ধকাৰ পৃথিৱী খন৷ মানুহৰ জীৱনৰ প্ৰকৃত সংগী হৈছে শিক্ষা। শিক্ষা মানুহৰ জীৱন পৰিক্ৰমা স্বৰূপ৷ শিক্ষাই অভিজ্ঞতা, জ্ঞান, সৰল, সহজ, চিন্তাশীল কৰি তোলে৷ মানুহক ভালপোৱাৰ, প্ৰকৃতিক ভালপোৱাৰ আদি জ্ঞান শিক্ষাই প্ৰদান কৰে৷
বুৰঞ্জী, মানৱ সভ্যতাৰ সৈতে মানুহক সংযোগ কৰে শিক্ষাই৷ শিক্ষাৰ জৰিয়তে জ্ঞানৰ পোহৰ বিলাই জগত পোহৰাই তুলিবলৈ একাংশ লোক অহৰহ ব্যস্ত হৈ থকা দেখা যায়৷ জ্ঞানৰ পোহৰ বিলাই ভালপোৱা মানুহ সমাজত আজিও আছে৷ একাংশ দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱা পৰিয়ালৰ সন্তানে অৰ্থৰ বাবে আধাতে শিক্ষা সাং কৰিব লগা হয়৷ যাৰ ফলত তেওলোকৰ সন্তানে অন্ধকাৰ ভৱিষ্যতৰ দিশে আগবাঢ়ে৷
কিন্তু একাংশ লোক আছে যিয়ে দৰিদ্ৰ, শ্ৰমিকৰ সন্তানক পঢ়াই সমাজত জিলিকাই তুলিব খোজে৷ তেনেই এগৰাকী লোক হৈছে ডিব্ৰুগড়ৰ জিলাৰ দিপুল গগৈ। দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক পঢ়াবলৈ আগবাঢ়ি আহিছে দিপুলে৷ মহানুভৱতাৰ পৰিচয় দি শিক্ষানুৰাগী দিপুলে ডিব্ৰুগড় জিলাৰ মৰাণত নতুনকৈ প্ৰতিষ্ঠা কৰা লিটল ভেলী নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনত প্ৰতিবছৰে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ অধ্যয়নৰ সুবিধা প্ৰদান কৰিব৷
অলপতে আনুষ্ঠানিকভাৱে মুকলি কৰা বিদ্যালয়খনত প্ৰাক-প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈকে আৰম্ভ কৰা হৈছে পাঠ্যক্ৰম৷ শিক্ষাৰ ক্ষেত্ৰখনত যাতে সকলোৱে সমানেই আগবাঢ়ি যাব পাৰে আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নিজৰ সন্তানক পঢ়াব পাৰে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয়৷ দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ বাবে শিক্ষা কেৱল সপোন হৈ ৰয় বুলি কৈযাৰ বাবে দিপুল গগৈয়ে বিনামূলীয়াকৈ পঢ়োৱাৰ ব্যৱস্থা কৰা বুলি প্ৰকাশ কৰে৷ বিদ্যালয়খনত অধ্যয়নৰ বাবে ইচ্ছুক ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলক বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়।