ৰঙিয়াৰ বালিসত্ৰত যুৱ মৰ্চাৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

তুলসীবাৰী/ৰঙিয়াঃ শাসকীয় বিজেপিৰ দলৰ ভাতৃ সংগঠন বিজেপিৰ যুৱ মৰ্চাৰ উত্তৰ কামৰূপ জিলা সমিতিয়ে বুধবাৰে ৰঙিয়াৰ বালিসত্ৰ গোলাঘাট ৰাসস্থলীত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰে৷ ।

বিজেপিয়ে উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি ৰমেশ ডেকা, ভাৰতীয় জনতা যুৱ মৰ্চাৰ উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি মনোজ কুমাৰ কলিতা, সাধাৰণ সম্পাদক দ্বীপেন শইকীয়া, সম্পাদক বেদান্ত কুমাৰ বৈশ্য, ৰাকেশ শৰ্মা লগতে হাজো মণ্ডল যুৱ মৰ্চাৰ সম্পাদক মনোজ কলিতা প্ৰমুখ্যে নেতৃবৃন্দৰ উপস্থিতিত অঞ্চলটোৰ প্ৰায় পাঁচ শতাধিক ৰোগীয়ে চিকিত্সা শিবিৰত স্বাস্থ্য সেৱা গ্ৰহণ কৰে৷

ভাৰতীয় জনতা যুৱ মৰ্চাৰ উত্তৰ কামৰূপ জিলাৰ সমিতিয়ে এনআৰচিৰ বিষয়-ববীয়া সকলক শুভেচ্ছা জ্ঞাপন কৰে।