১ হাজাৰ লোকে চিকিৎসা সেৱা গ্ৰহণ কৰিলে সেনাৰ স্বাস্থ্য শিবিৰত

কাকপথাৰঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ কৈলাশপুৰত সোমবাৰে ভাৰতীয়া সেনা বাহিনীৰ লিটং সেনা চাউনীৰ উদ্যোগত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়৷

লিটং সেনা চাউনী লংদেৱালা বেটেলিয়নৰ উদ্যোগত অনুষ্ঠিত স্বাস্থ্য শিবিৰত প্ৰায় ১ হাজাৰ লোকে অভিজ্ঞ চিকিৎসৰ দ্বাৰা চিকিৎসা সেৱা গ্ৰহণ কৰে৷

শিবিৰত বিনামূলীয়া চিকিৎসাৰ লগতে ঔষধো যোগান ধৰে সেনাই৷ ৰাইজে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি চিকিৎসা সেৱা প্ৰদান কৰাত ভাৰতীয় সেনাৰ শলাগ লয়৷

স্বাস্থ্য শিবিৰত কৰ্ণেল ৰোহিত নেগী, মেজৰ আশীষ দেৱ, স্বেচ্ছাসেৱী অনুষ্ঠান আৰকে ৱেলফেয়াৰ চছাইটিৰ সভাপতি-সম্পাদক, স্থানীয় গাওঁবুঢ়া, কৈলাশপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ লগতে অঞ্চলটোৰ বহু কেইটা জাতীয় জনগোষ্ঠীয় দল-সংগঠনৰ বিষয়-ববীয়া উপস্থিত থাকে।