কাৰ্বি পাহাৰৰ দুৰ্গম এলেকাত সেনাৰ বিনামূলীয়া চিকিৎসা শিবিৰ

খেৰণিঃ কাৰ্বি পাহাৰৰ বিভিন্ন দুৰ্গম অঞ্চলৰ বিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনে।

ভাৰতীয় সেনাবাহিনীৰ সদ্ভাৱনা পুঁজিৰ ধনেৰে দুৰ্গম কাৰ্বি আংলঙৰ হামৰেণ চহৰ, উলুকুঞ্চি, বৈঠলাংছ', খেৰণি আদি ঠাইত ইতিমধ্যে উন্নয়নমূলক কামকাজ কৰিছে ৰেড হৰ্ণ ডিভিজনে। বৈঠলাংছ'ৰ ত্ৰিনয়ন ইংলিছ একাডেমী, বৈঠলাংছ' জাতীয় বিদ্যালয়, বৈঠলাংছ' উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিত ভাৰতীয় সেনাৰ হামৰেণ ৰেড হৰ্ণ ডিভিজনে বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে।

বিদ্যালয়ে বিদ্যালয়ে সেনা বাহিনীৰ চিকিৎসকৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্রীক পৰীক্ষা-নিৰীক্ষা কৰি চিকিৎসা প্ৰদান কৰে৷ চিকিৎসকে বিশেষকৈ মেলেৰিয়া, ডাইৰিয়া, পানীলগা, চৰ্মৰোগ আদিৰ চিকিৎসাৰ লগতে ঔষধপাতি প্ৰদান কৰে ছাত্ৰ-ছাত্ৰীক।

আনহাতে উলুকুঞ্চিৰ আমৰি উচ্চ-মাধ্যমিক বিদ্যালয়ত ভাৰতীয় সেনাৰ হামৰেণ ৰেড হৰ্ণ ডিভিজনে চাইকেল-ষ্টেণ্ড আৰু শৌচালয় নিৰ্মাণ কৰিছিল৷ হামৰেণ চহৰৰ সাপ্তাহিক বজাৰৰ গৃহ নিৰ্মাণ, কেইবাখনো বিদ্যালয়ৰ শ্ৰেণী কোঠা, ৰান্ধনী গৃহ, শৌচালয়, প্ৰস্ৰাৱগাৰ, চাৰিসীমাৰ দেৱাল, মুল প্ৰবেশদ্বাৰ, পানীটেংকী আদি নিৰ্মাণ কৰা দেখা যায়৷ দুৰ্গম অঞ্চলত এইদৰে ৰাইজে বিভিন্ন সময়ত সেনাবাহিনীৰ পৰা গুৰুত্বপূৰ্ণ অনুদান লাভ কৰাত ৰাইজে সেনাক শলাগ লয়৷