লখিমপুৰ বিহপুৰীয়াত চাহ জনজাতি সকলৰ মাজত পানী ফিল্টাৰ বিতৰণ

লখিমপুৰঃ লখিমপুৰ জিলা বিজেপি চাহ মৰ্চাৰ সহযোগত চাহ আৰু প্ৰাক্তন চাহ জনজাতি উন্নয়ন বৰ্ড উত্তৰ লখিমপুৰৰ উদ্যোগত আজি বিহপুৰীয়া সোনাৰী গাওঁ প্ৰাথমিক বিদ্যালয়ত সোনাৰী গাঁও আৰু কেয়ামৰা গাঁৱৰ দুখীয়া পৰিয়ালৰ মাজত বিনামূলীয়াকৈ পানী ফিল্টাৰ বিতৰণ কৰা হয়৷

সোনাৰী গাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰত্নেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ফিল্টাৰ বিতৰণ কাৰ্যসূচীত চাহ আৰু প্ৰাক্তন চাহ জনজাতি উন্নয়ন বৰ্ডৰ সভাপতি মনোজ গুৱালা, উন্নয়ন বৰ্ডৰ সম্পাদক বেনুধৰ তেলেঙা, বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক সম্পাদক জীৱন কুৰ্মি উপস্থিত থাকে৷

বিহপুৰীয়া প্ৰেছ ক্লাবৰ সভাপতি বুল্টন গগৈ উপস্থিত থকা সভাত জাৰ্নেলিষ্ট ফেডাৰেচন অফ আসাম, লখিমপুৰ ধেমাজি জিলাৰ সম্পাদক কুশল শইকীয়াই বক্তব্য আগবঢ়াই৷