গোৰেশ্বৰত যোগা শিবিৰৰ সামৰণি

গোৰেশ্বৰঃ যোগাৰ জড়িয়তে ৰোগৰ পৰা নিৰাময় তথা সুস্থ হৈ থাকিব পাৰি৷ এই কথাকে সাৰোগত কৰি বাক্সা জিলাৰ গোৰেশ্বৰৰ ৰংমহল গাঁৱত পাঁচদিনীয়াকৈ অনুষ্ঠিত যোগা শিবিৰৰ সামৰণি পৰে। গোৰেশ্বৰ তহচিলৰ যোগ প্ৰচাৰক ধ্ৰুৱজ্যোতি ডেকাৰ প্ৰশিক্ষণত ৰংমহল গাঁৱৰ বাসুদেৱ মন্দিৰ প্ৰাংগনত যোগ শিবিৰ অনুষ্ঠিত হয়।

যোগ শিবিৰটোত অৰ্ধশতাধিক পুৰুষ-মহিলাৰ লগতে ছাত্র-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে। এই সময়ছোৱাত তিনিখন জড়িবুটি সভা আৰু স্থানীয় তিনিখন বিদ্যালয়ত এঘন্টীয়া যোগ প্ৰশিক্ষণো দিয়া হয়। শিবিৰৰ অন্তিম দিনা বৃক্ষৰোপনৰে শিবিৰৰ সমৰণি পৰে। বাক্সা জিলাৰ সহযোগ শিক্ষক দিগন্ত ডেকা আৰু বিতোপন ডেকাই এই শিবিৰত বিশেষ ভাৱে সহযোগিতা কৰে আৰু দুয়োজনে স্থায়ীভাৱে যোগ শিবিৰ চলাই নিবলৈ দায়িত্ব অৰ্পন কৰে।