
চামগুৰিঃ প্ৰবীণ মুক্তিযোদ্ধা, বিশিষ্ট সমাজকর্মী বদন চন্দ্ৰ শর্মাৰ ৯০ বছৰ বয়সত শুকুৰবাবে পুৱা ৮ বজাত নগাঁও জিলাৰ পুৰণিগুদাম হাতীগাঁৱৰ নিজ বাসগৃহত মৃত্যুক আকোৱালি লয়৷ নগাঁও জিলা মুক্তিযুঁজাৰু সন্মিলনীৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ৪০ৰ দশকত স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল৷
মুক্তি যুঁজাৰুগৰাকী নগাঁও জিলাত পৰিচিত লোক আছিল৷ দেশ স্বাধীন হোৱাৰ পাছত জিলাখনৰ বিভিন্ন সামাজিক আৰু ৰাজনৈতিক অনুষ্ঠানৰ সৈতে জড়িত থকাৰ লগতে স্বাধীনোত্তৰ কালৰ পৰা বহু বছৰ ধৰি হালোৱাগাঁও পঞ্চায়তৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷
মুক্তিযোদ্ধাগৰাকীয়ে অঞ্চলৰ বহুকেইখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ সভাপতি, কাৰ্যনিৰ্বাহক সদস্য হিচাপে দায়িত্ব পালন কৰিছিল৷
মুক্তিযোদ্ধা শৰ্মাৰ মৃত্যুত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷
মুক্তিযুঁজাৰু গৰাকীৰ মৃত্যুত নগাঁও জিলা মুক্তিযুঁজাৰু সন্মিলনী, জাৰ্নেলিষ্ট এছ'চিয়েচন অৱ ইণ্ডিয়াৰ নগাঁও আৰু কলিয়াবৰ জিলা সমিতি, পুৰণিগুদাম প্ৰেছ ক্লাৱ, সংযুক্ত সাংবাদিক সন্থা, চামগুৰি (উকাচ), বঢ়মপুৰ প্ৰেছ ক্লাৱ, চামগুৰি ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েচন, অবিনশ্বৰ গোষ্ঠী, অসম নাট্য সন্মিলন পুৰণিগুদাম শাখা, জাতীয় নাট্য সাহিত্য সংগ্ৰহালয়, পুৰণিগুদাম শাখা সাহিত্য সভা, শৰ্মা বুক এম্প'ৰিয়াম, অংগাভিনয়কে আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷
মৃত্যুৰ সময়ত শৰ্মাই সাংবাদিক পুত্ৰ নীলৰঞ্জন শৰ্মা, প্ৰেমানন্দ শৰ্মা, দুই বোৱাৰী, নাতি-নাতিনীসহ বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়৷ উল্লেখ্য যে, মুক্তিযোদ্ধা গৰাকীৰ মৃত্যুৰ পিছত চৰকাৰ প্ৰশাসনে এবাৰলৈ খবৰ নোলোৱাত চূড়ান্ত ক্ষোভ প্ৰকাশ কৰে পৰিয়ালৰ লোকে৷
দেশে স্বাধীনতা লাভ কৰাৰ মূল কাণ্ডাৰীসকলৰ প্ৰতি বিগত সময়ত প্ৰতিটো দলৰে শাসনাধিষ্ঠ চৰকাৰে দেখুৱাই অহা অনীহাৰ বাবে মুক্তিযোদ্ধাজনৰ মৃত্যুৰ দিনটোতে ক্ষোভ প্ৰকাশ কৰে পৰিয়ালৰ লোকে৷
স্বাধীনতা দিৱস অথবা গণতন্ত্ৰ দিৱসৰ দিনা কেৱল মাত্ৰ সৌজন্যৰ খাতিৰতে ৰাজ্যৰ মুক্তিযুঁজাৰুসকলক প্ৰশাসনে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰি পৰৱৰ্তী সময়ত চৰকাৰ-প্ৰশাসনে এই সকললৈ তথা তেওঁলোকৰ পৰিয়ালসমূহৰ দুখ-দুৰ্গতিৰ প্ৰতি পিঠি দিয়ে বুলি মুক্তিযোদ্ধা বদন চন্দ্ৰ শৰ্মাৰ পৰিয়ালবৰ্গই আক্ষেপ প্ৰকাশ কৰে৷