শিৱসাগৰ প্ৰেছ ক্লাৱত আগমাত একাডেমি নৱাগতা অাদৰণি সভা

শিৱসাগৰঃ পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি চলি আছে সমগ্ৰ ৰাজ্যৰ কলেজ সমুহত৷ থিক এনেদৰেই মঙলবাৰে শিৱসাগৰ নগৰৰ মাজমজিয়াত ২০১২ চনতে স্থাপন হোৱা এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আগমাত একাডেমিয়েও নতুনক আদৰাৰ প্ৰস্তুতিৰে নৱাগত আদৰণি সভা অনুষ্ঠিত কৰে।

এই শিক্ষানুষ্ঠানখনৰ নৱাগত অাদৰণি সভাখন শিৱসাগৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হৈ যায়। কলেজৰ সংগীত পৰিৱেশনে অাৰম্ভ হোৱা অনুষ্ঠানটো গীত মাতেৰে সফল কৰি তোলে ছাত্ৰ-ছাত্ৰীসকলে৷

এই অনুষ্ঠানৰ অাৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰী পিংকী মহন্তই এটি বৰগীত পৰিৱেশনেৰে সকলোকে অাপ্লুত কৰে। অাগমাত একাডেমিৰ উপাধ্যক্ষা অশ্ৰুমণি দত্ত ঘোষে অাঁতধৰা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ গগৈয়ে৷

এই নৱাগতা অাদৰণি সভা বি.টি.কলেজৰ প্ৰাক্তন অধ্যক্ষ জ্যোতি দত্ত নিৰ্দিষ্ট বক্তা, ৰংপুৰ গাৰ্লচ হাইস্কুলৰ প্ৰধান শিক্ষক  প্ৰতাপ চন্দ্ৰ দত্ত মুখ্য অতিথি অাৰু সন্মানীয় অতিথি হিচাপে বিশিষ্ট গীতিকাৰ হেম দত্ত উপস্থিত থাকে।

অশ্ৰুমণি দত্ত ঘোষৰ সম্পাদনাত প্ৰস্তুত কৰা বাৰ্ষিক মুখপত্ৰ 'পাটকাই' উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ খগেন্দ্ৰ নাথ ভূঞাই। কলেজ ৱেবচাইট উন্মোচন কৰে শিৱসাগৰৰ বিশিষ্ট সাংবাদিক জয়জ্যোতি গগৈয়ে।