পৰিৱৰ্তন, গাভৰু নিম্ন প্ৰাথমিক বিদ্যালয় জৰাজীৰ্ণ ৰূপ

বিহুগুৰিঃ শোণিতপুৰ জিলাৰ গাভৰু শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম গাভৰু নিম্ন প্ৰাথমিক বিদ্যালয় খনৰ আন্তঃগাঁঠনিয়ে ৰাইজৰ চকু কপালত তুলিছে। কিয়নো গুণোৎসৱ পাতিবৰ বাবে বিদ্যালয়ৰ খনত নাই কোনো সু-আন্তগাঁঠনি।

তিনি বছৰ পূৰ্বে গাভৰু নৈৰ বাঢ়নী পানীত বিদ্যালয়খন সম্পূৰ্ণ ভাৱে জাহ গৈছিল। পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত গাঁওখনৰ ৰাজহুৱা নামঘৰৰ এটুকুৰা মাটিত বাঁহেৰে বিদ্যালয়খন পুনৰ স্থাপন কৰা হয়৷ বিদ্যালয়খনৰ জৰাজীৰ্ণ অৱস্থালৈ লক্ষ্য কৰি স্থানীয় ৰাইজে বাৰাম্বাৰ জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষক বিদ্যালয়খনৰ মেৰামতিৰ বাবে আবেদন জনায়৷

কিন্তু তাৰ পাছতো পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে৷ ইফালে শেহতীয়াকৈ ৰাজ্য চৰকাৰে শিক্ষাৰ মান উন্নত কৰাৰ হেতু ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত গুণোৎসৱ পাতিবলৈ দিয়া নিৰ্দেশনা এক হাস্যকৰ বিষয় মাথো বুলি স্থানীয় ৰাইজে চৰকাৰী কাণ্ড কাৰখানাক ইতিকিং কৰে৷