আৰক্ষীয়ে পালে গাঁৱৰ জুৱাৰীৰ খমখমীয়া নোটৰ বাণ্ডিল

মঙলদৈঃ গাঁৱৰ জুৱাৰীৰ হাতত কিমান টকা থাকিব পাৰে৷ ৫ হাজাৰ ১০ হাজাৰ তাতকৈ বেছি ২০ হাজাৰ টকা থাকিব পাৰে৷ আপুনি মই ভবাৰ দৰে গাঁৱৰ জুৱাৰী ইমান কম বিত্তবান হৈ থকা নাই৷ গাঁৱৰ জুৱাৰী এতিয়া লাখ লাখ টকাৰ গৰাকী৷ হয়, ৰাজ্যৰ এখন গাঁৱৰ পৰা সকলোকে আঁচৰিত কৰি জুৱাৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে প্ৰায় দুই লাখ টকা৷

ৰাজ্যৰ চহৰে-নগৰে, গাঁৱে-ভূঞে ছানি ধৰা তীৰ খেলৰ নামত একাংশ লোকে ধন ঘটি আহিছে বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে দৰং জিলাৰ ধূলা আৰক্ষীয়ে অভিযান চলাই নগদ টকা সহ তিনি জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়৷ ধূলা আৰক্ষীৰ অভিযানত খাৰুপেটীয়াৰ অৰুণ ৰায়, সঞ্জয় ৰায়, আৰু পংকজ ৰায় নামৰ তিনি জুৱাৰী আটক হয়৷ আৰক্ষীয়ে জুৱাৰী কেইজনৰ পৰা ২৮০ তীৰৰ বহী আৰু টকাখিনি জব্দ কৰে৷

দৰং জিলাৰ বিভিন্ন স্থানত তীৰ-জুৱাৰ ব্যাপক প্ৰচলন চলি থকাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে মঙলদৈৰ বঙলাগড় বজাৰত তীৰ জুৱাৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছিল৷ মঙলদৈৰ ৰাইজে বৰবিহ স্বৰূপ তীৰৃজুৱা বন্ধ কৰাৰ দাবী জনাইছি যদিও প্ৰশাসনে গুৰুত্ব আৰোপ কৰা নাছিল বুলি অভিযোগ উত্থাপন হৈ আহিছিল। পলকতে ধনী হোৱাৰ লালসাত একাংশ লোকে উবুৰি খাই পৰিছিল তীৰ আৰু জুৱা খেলত৷