
নামতিঃ দীপাৱলী গ’ল যদিও জুৱাৰ আদ্দা শেষ হোৱা নাই৷ মুকলিকৈ চলি আছে এই আড্ডা৷ শিৱসাগৰ জিলাৰ নাজিৰাৰ বিভিন্ন প্ৰান্তত দিপাৱলীৰ নামত অনুষ্ঠিত জুৱাৰ আড্ডা বৰ্তমানেও অব্যাহত আছে। গোপন কেমেৰাত বন্দী হৈছে নাজিৰাৰ লিগিৰীপুখুৰীত মুকলিকৈ চলি থকা জুৱা খেলৰ দৃশ্য।
দীপাৱলীৰ উদ্দেশ্য কৰি একাংশই বিভিন্ন প্ৰান্তত জুৱাৰ আড্ডা চলিছিল যদিও ইতিমধ্যে সকলোবোৰ সামৰণি পৰিছে। কিন্তু নাজিৰাত দীপাৱলীৰ জুৱাৰ আড্ডা শেষ হোৱাই নাই৷ অব্যাহত আছে ডাৱল গুটি, ঝান্দি মুণ্ডা আদি বিভিন্ন জুৱা খেল। কোৱা বাহুল্য যে, নাজিৰা আদৰ্শ থানাৰ পৰা কিছু নিলগত চলি থকা এই জুৱাৰ আদ্দা উচ্চেদ কৰাত ব্যৰ্থ হৈছে প্ৰশাসন। ইফালে সাধাৰণ লটাৰী খেলৰ অনুমতি প্ৰদান নকৰা নাজিৰাৰ মহকুমাধিপতিগাৰীকীয়ে এইক্ষেত্ৰত চকু মুদা কুলিৰ ভাও ধৰাত সচেতন মহল ক্ষোভিত হৈ পৰিছে।