
newsnextone.com। নগাঁওঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ সৌজন্যত আৰু আঞ্চলিক কৃষি গবেষনা কেন্দ্ৰ চিলঙনীৰ সহযোগত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি -২০১৮ ৰ অংশ ৰূপে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি মঙলবাৰে নগাঁও জিলাৰ ৰাইদঙীয়াত স্বচ্ছ ভাৰত অভিযানৰ কাৰ্য্যসূচী ৰূপায়ন কৰা হয় ৷
তদুপলক্ষে পুৱা ৯.৩০ বজাত যোৰহাট কৃষি মহাবিদ্যালয়়, বিশ্বনাথ কৃষি মহাবিদ্যালয়, শৰত্ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয় আৰু ৰাজস্থান মেৱাৰ কৃষি বিশ্ববিদ্যালয়ৰ ত্ৰিশ গৰাকী ছাত্ৰ ছাত্ৰী সমবেত হৈ আইভেটীস্থিত ঐতিহ্যমণ্ডিত আইলক্ষী থানৰ সন্মুখৰ পৰা আইভেটী আৰু পহুকটা হৈ ৰাইদঙীয়াৰ পাঁচ আলিলৈকে স্বচ্ছ ভাৰতৰ সজাগতাৰ বিভিন্ন শ্লগানৰে এক সমদল উলিয়াই।
পাঁচ আলিত ছাত্ৰ ছাত্ৰী সকলে পৰিবেশ নিকাকৰণ কাৰ্য্যসূচী ৰূপায়ন কৰাৰ অন্তত অন্ধবিশ্বাস দূৰীকৰণ আৰু স্বচ্ছতা ওপৰত গুৰুত্ব আৰোপ কৰি এখনি বাটৰ নাট প্ৰদৰ্শন কৰে। অনুষ্ঠানটিত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ তত্বাবধাযক ড° ইদ্ৰিচ আলি শ্বেখ, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ড০ অমল চন্দ্ৰ শৰ্মা উপস্থিত থাকে।
গ্ৰাম্য কৰ্ম অভিজ্ঞতা আঁচনিৰ অংশ ৰূপে বিগত ২৮ আগষ্টৰ পৰা ৰাইদঙীয়াৰ আইভেটী আৰু পহুকটাত বাহৰ পাতি থকা যোৰহাট কৃষি মহাবিদ্যালয়়, বিশ্বনাথ কৃষি মহাবিদ্যালয়, শৰত্ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয় আৰু ৰাজস্থান মেৱাৰ কৃষি বিশ্ববিদ্যালয়ৰ ৩০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।