নৱ শৰণীয়া বড়োহে, আলফাৰ সমস্যাকলৈ দিল্লীত মাত নামাতিলে নৱ শৰণীয়াই

গোৰেশ্বৰঃ নৱ শৰণীয়া এজন আলফা নেতা হোৱাৰ সত্বেও আজিলৈ আলফা সমস্যাৰ সমাধানৰ বাবে মাত নামাতিলে সংসদত৷ নৱ শৰণীয়াই এতিয়া আলফা সমস্যা সমাধানৰ পৰিৱৰ্তে বিটিচিত অবড়োৰ নেতা হৈ বিটিচিত গাঁও কৰ্তনৰ দাবী জনাই আহিছে৷ কিন্তু ৰাইজে বুজি উঠিছে নৱ শৰণীয়াৰ প্ৰকৃত ৰূপ৷ নৱ শৰণীয়া বড়ো হে কিন্তু অবড়োৰ নেতা হৈ আলফা নৱ শৰণীয়াই ৰাইজক আচলতে আন্ধাৰত ৰাখিছিল৷ এই মন্তব্য বিটিচিৰ ইএম গনেশ কছাৰীৰ৷ 

বিটিচিৰ শুক্লাই চেৰফাং সমষ্টিৰত মঙলবাৰে কেইবাটাও আঁচনিৰ উদ্ধোধন কৰি ইএম গনেশ কছাৰীয়ে সাংসদ নৱ শৰণীয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ তেওঁ কয় ‘‘হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচিত যথেষ্ট উন্নতি হৈছে আৰু বিটিচিত হাগ্ৰামা মহিলাৰীৰ পিছত দ্বিতীয় জন নেতা নোলাব৷’’ 

ইএম গনেশ কছাৰীয়ে শুক্লাই চেৰফাং সমষ্টিৰ ঔবাৰী, পিপলেনী, বেটাগাঁও, শুৱাগপুৰ, মুলাবাৰীত প্ৰায় ১ কোটি ২০ লাখ টকাৰ বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷ অনুষ্ঠানত গোৰেশ্বৰ গড়কাপ্টানী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক মজুমদাৰ, কনিষ্ঠ অভিযন্তা জানিৰাম বড়ো, বি পি এফ নেতা প্ৰতাপ ডেকা, টিএলচিচি অধ্যক্ষ ৰুদ্ৰ সুবেদী, শুক্লাই চেৰফাং ব্লক বিপিএফৰ সভিপতি জীনাৰাম বড়ো, সম্পাদক দিগন্ত বেজবৰুৱা উপস্থিত থকাৰ লগতে কেইবাগৰাকী দলীয় কৰ্মী আৰু কেইবাশতাধিক লোক উপস্থিত থাকে৷