UDF হৈছে বিজেপি-আৰএছএছৰ চিক্ৰেট এজেন্টঃ সাংসদ গৌৰৱ

নগাঁওঃ কলিয়াব লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বুধবাৰে নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিত উপস্থিত হয়৷ সমষ্টিটোৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা কেইবাখনো সভাত অংশ লয়৷ সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছৰ নেতা-কৰ্মীৰ সৈতে মত বিনিময় কৰাৰ লগতে সাংসদ উন্নয়ণ পুঁজিৰ ৩২ লাখ টকাৰে ১০টা অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰে৷ 

সাংসদগৰাকীয়ে ভাষণ কয় ‘‘আই ইউ ডি এফ দল বিজেপি আৰু আৰ এছ এছৰ চিক্ৰেট এজেন্ট৷ দলটোৱে কেৱল ব্যৱসায় কৰিবহে জানে৷ ব্যৱসায়ীক স্বাৰ্থত কাম-কাজ চলাই থকা দলটোৰ কোনো নীতি-আদৰ্শ নাই৷ ব্যৱসায়ীক মুনাফা লাভৰ বাবেই ৰাজনীতি কৰা এই দলটোৱে ৰাইজৰ উন্নয়নৰ কথা নাভাবে৷ সাংসদগৰাকীয়ে বটদ্ৰৱা সমষ্টিৰ জামুগুৰি-কুজিদাঁহ গাঁও পঞ্চায়তৰ নমাটিত ৰাজহুৱা ভৱন, নিজ হাতীচোং গাঁও পঞ্চায়তৰ ব্ৰাহ্মণগাঁৱত আনন্দৰাম ঢেকীয়াল ফুকন পুথিভঁৰাল আৰু খৌৰামুচৰ বুঢ়া নামঘৰৰ চাৰিসীমাৰ বেৰৰ আধাৰশিলা স্থাপন কৰে৷

পাঘালী গাঁও পঞ্চায়তৰ বেলতলত জাজৰি আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ আৰু সংগীত বিদ্যালয়,চাবুকধৰা গাঁও পঞ্চায়তৰ অজুঘাটত মধ্য খলপীয়া মজিদ, টুকটুকী গাঁও পঞ্চায়তৰ টুকটুকী বাছ ছেণ্ডিকেটত বজাৰ গৃহ, ধিং টাউনৰ লাকলাঙীয়া গাঁৱত লাকলাঙীয়া ডেকা নামঘৰৰ সাংস্কৃতিক কেন্দ্ৰ আৰু ধুপগুৰি গাঁও পঞ্চায়তৰ পূৱ ভেৰভেৰিত ৰাজহুৱা ভৱনৰ চাৰিসীমাৰ বেৰ নিৰ্মাণৰ শিলান্যাস স্থাপন কৰে৷

সাংসদ গৰাকীয়ে পুৱাৰ ভাগত বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ল’ৰা আৰু ছোৱালীৰ বাবে সাংসদ উন্নয়ণ পুঁজিৰে ইতিমধ্যে নিৰ্মাণ কৰি তোলা ট্ৰয়লেটৰ লগতে বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ জিৰণি কোঠাৰ সৌন্দৰ্যবৰ্ধন কাৰ্যৰ আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে৷

উল্লেখ্য যে, ইতিমধ্যে 'ফেইম ইণ্ডিয়া'ই আগবঢ়োৱা ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ সাংসদৰ বঁটা পোৱা সাংসদ গৌৰৱ গগৈক বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ গৱেষণা কেন্দ্ৰত দলীয় কৰ্মীসকলৰ উপৰিও বিভিন্ন দল-সংগঠনে উষ্ম সম্বৰ্ধনা জনায়৷ সাংসদ গৰাকীৰ এই দিনজোৰা ভ্ৰমণসূচীত প্ৰাক্তন মন্ত্ৰী গৌতম বৰা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা শিবামনি বৰাৰ লগতে কেইবাগৰাকীয়ে বটদ্ৰৱা সমষ্টিৰ নেতাই সংগ দিয়ে৷