
টীয়কঃ গাঞ্জা, সুৰা, ড্ৰাগছৰ অবাধ প্ৰচলনে ৰাজ্যৰ সচেতন নাগৰিকসকল চিন্তিত হৈ পৰিছে৷ বৰবিহ স্বৰূপ গাঞ্জা, সুৰা, ড্ৰাগছৰ অবাধ প্ৰচলনে যুৱ প্ৰজন্মক তিলিতিলকৈ ধ্বংসৰ দিশে আগবঢ়াই নিছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ টীয়কতো মাদক দ্ৰব্যৰ অবাধ প্ৰচলন হৈ থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷
নিচাযুক্ত দ্ৰব্যই সমাজত বিৰূপ প্ৰভাৱ পেলোৱাত সজাগতা সৃষ্টিৰ লক্ষ্যৰে শনিবাৰে যোৰহাট জিলাৰ টীয়কৰ বৰাবজাৰ প্ৰাংগণত 'চেলেংহাট হেল্থ ক্লাব'ৰ সৌজন্যত আৰু শৰীৰ চৰ্চাবিদ তুষাৰ পালৰ প্ৰচেষ্টাত "ঘাতক" নামৰ আঠ মিনিট চাৰি ছেকেণ্ডৰ এখন চুটি ছবিৰ মুক্তি দিয়া হয়।
নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰে একো একোটা পৰিয়াললৈ কেনেদৰে অমানিশা নমাই আনে তাৰ সুন্দৰ প্ৰতিফলন সমাজৰ সন্মুখত দাঙি ধৰে ছবি কনৰ জৰিয়তে৷ অভিভাৱক তথা যুৱ প্ৰজন্মক সজাগ কৰাৰ লক্ষ্যৰে এই ছবি খন নিৰ্মাণ কৰিব বুলি কয় শৰীৰ চৰ্চাবিদ তুষাৰ পালে৷
'চেলেংহাট হেল্থ ক্লাব'ৰ সৌজন্যত আৰু শৰীৰ চৰ্চাবিদ তুষাৰ পালৰ প্ৰচেষ্টাক ৰাইজে শলাগ লয়। ছবিখনে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাত অলপ হলেওঁ সফল হ’ব বুলি পৰিচালক তুষাৰ পাল অাৰু প্ৰযোজনা মন্টু বুঢ়াগোহাঁইয়ে আশা প্ৰকাশ কৰে।