
বঢ়মপুৰঃ অসমৰ দুটা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল কুমাৰ মহন্ত৷ অসম আন্দোলনৰ নেতাৰ পৰা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি আছিল মহন্ত৷ ১৯৮৫ চনৰ ২৪ ডিচেম্বৰৰ পৰা ১৯৯০ চনৰ ২৭ নৱেম্বৰলৈ আৰু ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ ৰাজ্য শাসন কৰিছিল অসম গণ পৰিষদ দলে৷ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল কুমাৰ মহন্ত৷ বঢ়মপুৰৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা মহন্তই সমষ্টিৰ বিভিন্ন উন্নয়ণ মূলক কাম-কাজ কৰা বুলি চৰকাৰ চলাই থকাৰ সময়ত ব্যাপক প্ৰচাৰ চলোৱা হৈছিল৷
কিন্তু প্ৰকৃত ছবি খন ওলোটা হে দেখা যায়৷ মহন্তৰ বঢ়মপুৰ সমষ্টিৰ দুৰ্গম এলেকাত বাট-পথ বুলিবলৈ একো নাই৷ বিশুদ্ধ খোনাপানী, চিকিৎসা সেৱা, শিক্ষাৰ কোনো ব্যৱস্থা নাই সমষ্টিটোৰ বিভিন্ন ঠাইত৷ ভয়াবহ আৰু দুখ লগা পৰিস্থিতিত আজিও জীয়াই আছে মানুহে৷ সমষ্টিটোৰ বহু লোকে নিশা হাতীৰ তাণ্ডৱত মাজত আতংকত দিন পাৰ কৰিব লগা হয়৷
বছৰৰ ৬ মাহ নিদ্ৰাহৰণ হয় বহু লোকৰ৷ তাৰ পিছতো নিৰৱে সকলো সহি গৈছে মহন্তৰ সমষ্টিৰ লোকে৷ তেওলোকক পাহৰি গৈছে চৰকাৰে, বিধায়ক তথা প্ৰশাসনে৷ মহন্তৰ সমষ্টিৰ চাহ বাগিচা এলেকাত বিশুদ্ধ খোৱাপানী, উপয়ুক্ত চিকিৎসা সেৱা, বিদ্যুৎ সেৱাৰ ব্যৱস্থা নাই৷ বাগিচা অঞ্চলত শ-শ পৰিয়ালে বছৰ বছৰ ধৰি বসবাস কৰি আহিছে যদিও জীয়াই থকাৰ ন্যুনতম সুবিধা পোৱা দেখা নাযায়৷ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টিত বিদ্যুৎৰ পোহৰো দেখা নোপোৱাকৈ আছে শ-শ লোকে৷
প্ৰায় ৯টা বছৰ ৰাজ্য খনৰ মুখ্যমন্ত্ৰী হৈ থকা লোকগৰাকীৰ সমষ্টিৰ বহু লোকৰ বাবে বিদ্যুৎৰ পোহৰ দেখাটো এক সপোন হে মাথো৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিৰ এলেকাৰ কন্দলীৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ কৰিব লগা হয়৷ ঐতিহ্যমণ্ডিত বাদুলি খুৰুংৰ বাবে বিখ্যাত কন্দলীত ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে তিনি-চাৰি কিঃ মিঃ পৰ্যন্ত দূৰলৈ যাব লগা হয়৷ মেলেৰিয়া অধ্যুষিত কন্দলি অঞ্চলত বসবাস কৰা জনজাতি লোকসকলে নলা, জান-জুৰিৰ পৰা নিগিৰি অহা পানী খাব লগা হয়৷
মহন্তৰ সমষ্টি বঢ়মপুৰৰ শিৱস্থান চাহ বাগিচা অঞ্চলত ৰাইজে বিদ্যুৎৰ পোহৰ দেখা নোপোৱাত আজিও আদিম যুগতে বসবাস কৰা বুলি ভাবে৷ দৰিদ্ৰ, খাটিখোৱা শিৱস্থান চাহ বাগিচা অঞ্চলৰ শ্ৰমিকসকলৰ বাট-পথৰ লগতে ঘৰ-বৰৰ অৱস্থাও ভাল নহয়৷
তথ্য আৰু প্ৰযুক্তি বিদ্যৰ যুগতো সাধাৰণ মোবাইলটো চাৰ্জ দিবলৈ ২-৩ কিঃ মিঃ দূৰলৈ যাব লগা হয় মানুহে৷ বছৰ বছৰ ধৰি বিভিন্ন প্ৰকাৰে সমষ্টিৰ বিধায়কগৰাকীক বিদ্যুৎৰ সংযোগ দিয়াৰ দাবী জনাই আহিছে যদিও মহন্তউ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷ যোৱা ১৭টা বছৰে বিৰোধীৰ আসনত বহি থকা অসম গণ পৰিষদৰ বিধায়কসকলৰ সমষ্টিৰ উন্নয়ণৰ ক্ষেত্ৰত কংগ্ৰেছ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷
সময়ে সময়ে পাকে প্ৰকাৰে প্ৰফুল্ল মহন্তও এই অভিযোগ উত্থাপন কৰিছিল৷ তাৰ মাজতে ২০১৬ চনৰ ২ ফেব্ৰুৱাৰিত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী ৰকিবুল হুছেইনে ২৪ ঘণ্টায়ে চিকিৎসা সেৱা উপলব্ধ কৰাৰ প্ৰতিশ্ৰুতিৰে মহন্তৰ সমষ্টিৰ কন্দলীক উদ্ধোধন কৰিছিল এখন চিকিৎসালয়৷ কন্দলী অাদৰ্শ চিকিৎসালয় নামকৰণেৰে চূণ-তেল সানি গৃহ সমূহো নিৰ্মাণ কৰিলে৷ তাৰ পিছত উদ্ধোধনো কৰিল তেতিয়াৰ মন্ত্ৰী ৰকিবুল হুছেইনে৷ কিন্তু যোৱা দুটা বছৰে চিকিৎসালয় খনত নাই চিকিৎসক, নাৰ্ছ, চিকিৎসাকৰ্মী৷ যোৱা ২০ মাহে চিকিৎসালয় খন তলা ওলমি থাকিল৷
তেতিয়াৰ চৰকাৰ খনে মহন্তৰ সমষ্টিৰ বিভিন্ন সমস্যাক গুৰুত্ব প্ৰদান নকৰাৰ লগতে বৰ্তমানৰ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও মহন্তৰ সমষ্টিক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ স্বাস্থ্য বিভাগৰ উন্নয়ন হৈছে বুলি দম্ভালি মৰাৰ মন্ত্ৰীগৰাকীয়ে বঢ়মপুৰৰ চিকিৎসালয় খনত চিকিৎসক নিয়োগ কৰি চিকিৎসা সেৱা আৰম্ভ কৰা দেখা নগ’ল৷ আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিধায়ক প্ৰফুল্ল মহন্তও চিকিৎসালয় খনত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে৷
বঢ়মপুৰ বিধান সমষ্টিৰ অন্তৰ্গত কন্দলি আদৰ্শ চিকিৎসালয় খন ২০১৬ চনত ৰাইজৰ বাবে মুকলি হৈছিল যদিও চিকিৎসালয়খন নামত হে বিল্ডিং কেইটা নামত হে থিয় দি আছে। যাৰ ফলত এই অঞ্চলটোৰ ৰাইজে চিকিৎসা সেৱাৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ সম্পূৰ্ন সা-সুবিধা, সৰঞ্জাম থকাৰ পিছতো চিকিৎসালয়খনৰ পয়লগা ছবিয়ে চৰকাৰৰ বিফলতাৰ ছবিখন স্পষ্ট কৰে।
২৪ ঘন্টা চিকিৎসা সেৱা প্ৰদান কৰিবলৈ চিকিৎসালয় খন স্থাপন কৰিছিল যদিও ফুটুকাৰ ফেনত পৰিণত হৈছে। মহন্তৰ দল বৰ্তমানৰ চৰকাৰৰ অংশীদাৰী দল৷ মহন্তই সমষ্টিৰ ৰাইজৰ স্বৰ্থত চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ চিকিৎসালয় খনত চিকিৎসক নিয়োগ কৰৰা ব্যৱস্থা নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ ছাত্ৰৰ আন্দোলন, অসম আন্দোলনৰ হোতা তথা দেশৰ ভিতৰতে কনিষ্ঠ মুখ্যমন্ত্ৰী ৰূপে একালত শপত লোৱা মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ সমষ্টিৰ ৰাইজৰ সমস্যাৰ কথা কৈ শেষ কৰিব নোৱাৰি৷