
newsnextone.com | অভয়াপুৰীঃ মানুহৰ মানৱীয়তাৰ চৰম সীমা ক’ত? কোন ফালে গৈ আছে আজিৰ প্ৰজন্ম তথা চিন্তাধাৰা? বৃহৎ কাৰণটো বাদেই, সৰু সৰু কাৰণতে মানুহে মানুহৰ ওপৰত চলোৱা অমানুশিক আক্ৰমণে এতিয়া ভাৱিবলৈ বাধ্য কৰি তুলিছে এনে কিছুমান প্ৰশ্ন৷ আধুনিকতাই জীৱনৰ চৰম সীমা অতিক্ৰম কৰা সময়ত মানুহৰ পৈশাচিক আনন্দ লাভৰ তাড়না বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ যি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে অতিকৈ ভয়াবহ সংকেট বুলিও কোনো কোনোৱে ক’ব বিচাৰে৷
দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় নিৰ্যাতনৰ ঘটনা৷ বিশেষকৈ উত্তৰ প্ৰদেশ, বিহাৰ আদি ৰাজ্যসমূহত সঘনাই নিৰ্যাতন আৰু মৰেল পুলিচগিৰিৰ বিষয়ে বাতৰি প্ৰচাৰ হৈ অহা দেখিবলৈ পোৱা যায়৷ কিন্তু এইখন অসমতে এনে কিছুমান কাণ্ড সংঘটিত হ’ব ধৰিছে, যিবোৰ কাণ্ডই অসমবাসীকে লজ্জানত কৰি তুলিছে৷
কিছুদিন পূৰ্বে বিহাৰৰ এখন জিলাত একাংশ উদণ্ড যুৱকৰ নিৰ্যাতনৰ বলি হৈছৎিল এগৰাকী কিশোৰী৷ সমগ্ৰ ঘটনা বন্দী কৰা হৈছিল মোবাইলৰ কেমেৰাত৷ অনুৰূপ ঘটনা সংঘটিত হৈছে অসমৰ অভয়াপুৰীত৷ এগৰাকী কিশোৰীক গছত বান্ধি গাঁওৰ একাংশ উদণ্ড পুৰুষ মহিলাই তথাকথিত মৰেল পুলিছগিৰি দেখুৱাই গুৰুতৰভাৱে আঘাত প্ৰাপ্ত কৰে৷ আৰু এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি বিয়পি পৰে একাংশ লোক পৈশাচিক অত্যাচাৰৰ বিষয়ে৷
জানিব পৰা মতে, ৬ এপ্ৰিলত অভয়াপুৰী থানাৰ অন্তৰ্গত বাটাবাৰী গাঁৱস্থিত ৰামমন্দিৰ প্ৰাংগণত গাঁৱখনৰ বাসিন্দা দীলিপ ৰায়ৰ কনমানি পুত্ৰ আৰু একে গাঁওৰে বাকলি নাথৰ পুত্ৰই ৰং খেলি থাকোতে দুয়োটাৰ মাজত মাৰপিট লাগে। এই ঘটনা প্ৰত্যক্ষ কৰি বাকলি নাথৰ জীয়ৰী অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে দীলিপ ৰায়ৰ কনমানি পুত্ৰক গালি দি সামান্য আঘাত কৰি নিজ ভাতৃক ঘৰলৈ লৈ যায়।
এই ঘটনা সংঘটিত হোৱাৰ কিছু সময় পাছত একেখন গাঁওৰে দিলীপ ৰায়, বলাই ৰায়, ধনঞ্জয় ৰায় আদিকে ধৰি পুৰুষ-মহিলাৰ এটি উদণ্ড দলে সন্ধিয়া প্ৰায় ৭ বজাত ঘৰত অভিভাৱক নথকা স্বত্বেও বাকলি নাথৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি কিশোৰী গৰাকীক চোঁচৰাই ঘৰৰ পৰা বাহিৰলৈ লৈ আনি মাৰপিট আৰম্ভ কৰি দিয়ে।
আনপিনে প্ৰানৰ মমতাত কিশোৰী গৰাকীয়ে কাকূতি-মিনতি কৰা স্বত্তেও উদণ্ড দলটোৱে কিশোৰী গৰাকীক মন্দিৰ প্ৰাংগণত থকা এডাল বগৰী গছত বান্ধি মাৰপিট কৰি অমানুষিক অত্যাচাৰ চলায়৷ ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ কিশোৰী গৰাকীক গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰি অভয়াপুৰী সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে লৈ যায়।
ইপিনে, ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি ভুক্তভোগী পৰিয়ালটোৱে অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে প্ৰায় এমাহে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তোলাৰ লগতে ছাত্ৰী গৰাকীয়ে মানসিক ভাবে ভাঙি পৰা বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে।
উল্লেখ্য যে, অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকীক এনেধৰনৰ অমানুষিক অত্যাচাৰ চলোৱা ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত কিশোৰী গৰাকীৰ মানসিক অৱস্থাৰ খৱৰ ল’বলৈ জিলাখনৰ বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী, স্থানীয় ৰাইজ বাকলি নাথৰ ঘৰত উপস্থিত হৈ ঘটনাৰ লগত জডিত দোষী ব্যক্তিৰ শাস্তিৰ দাবী তুলি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ আনহাতে আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে ক্ষোভিত ৰাইজে।
আনফালে ৰাইজৰ দাবীৰ পিছতে মহকুমা আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ পেগু আৰু অভয়াপুৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষী বাহিনী উপস্থিত হৈ ঘটনাৰ লগত জড়িত দোষীক অতি সোনকালে আটক কৰাৰ আশ্বাস দি পৰিস্থিতি নিয়ন্ত্ৰন কৰে।