
মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত গংগা নগৰত অৱস্থিত মিছামাৰী শাখা ভাৰতীয় তেল নিগমৰ কৰ্মচাৰীৰ আৱাসস্থলীৰ পৰা আজি এগৰাকী ছাত্ৰীৰ মৃতদেহ চিলিং ফেনত চিপজৰী লোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা ঘটনাটোৱে ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, আস্থা গুৰুং (১৪) নামৰ এগৰাকী কিশোৰীক মিছামাৰী শাখা ভাৰতীয় তেল নিগমৰ কৰ্মচাৰী কংকা গুৰুং আৰু তেওঁৰ পত্নী সাৰদা গুৰঙে সৰুতে কংকাৰ খুলশালী শ্যাম থাপাৰ হাতৰ পৰা আনি তুলনীয়া কন্যা কৰি লয় আৰু মিছামাৰী কেন্দ্ৰীয় বিদ্যালয়ত নামভৰ্তি কৰি দিয়ে। কিশোৰী গৰাকী সৰু অৱস্থাত স্বামী-স্ত্ৰী হালৰ মৰমৰ আছিল যদিও ক্ৰমান্বয়ে ডাঙৰ হোৱাত আস্থাক বনকৰা ছোৱালী হিচাপে ব্যৱহাৰৰ কৰিবলৈ আৰম্ভ কৰে।
ওচৰ চুবুৰীয়াই জানিবলৈ দিয়া মতে কিশোৰী গৰাকীক স্বামী-স্ত্ৰী হালে প্ৰায়ে মাৰপিট কৰিছিল আৰু আনদিনাৰ দৰে সোমবাৰে নিশাও ছাত্ৰী গৰাকীক মাৰপিট কৰাৰ ফলত তাই চিঞৰ বাখৰ কৰা স্থানীয় লোকে শুনিবলৈ পাইছিল। তিমানতে ক্ষান্ত নাথাকি আজি পুনৰ পুৱাৰ ভাগত কংকা-সাৰদাই আস্থাক মাৰপিট কৰে।
ৰাইজৰ সন্দেহ সেই মাৰপিটৰ ফলতেই হয়তো কিশোৰী গৰাকীয়ে প্ৰাণ ত্যাগ কৰিছিল৷ শেষত উপায়হীন হৈ নিষ্ঠুৰ পুৰুষ-মহিলা হালে চিলিং ফেনত ওলমাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। আনহাতে স্বামী-স্ত্ৰী হালেই আৰক্ষীক খৱৰ দিয়াত ঘটনাস্থলিত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰে।
ইফালে আজি সহপাঠিৰ অকাল মৃত্যুৰ খবৰ পাই একাংশ ছাত্ৰী আহি কংক-সাৰদাৰ আৱাসস্থলিত উপস্থিত হৈ এক হুলস্থলিয়া পৰিবেশ সৃষ্টি কৰে। তেওঁলোকৰ দাবী আস্থা গুৰুঙৰ মৃত্যু সাধাৰণ নহয়। তাইক তাইৰ তুলনীয়া পিতৃ-মাতৃ হালে হত্যা কৰিছে আৰু দায় সাৰিবৰ বাবে চিলিং ফেনত ওলমাই দিছে। অঞ্চলটোৰ বিভিন্ন দল-সংগঠন তথা স্থানীয় ৰাইজে মৰ্মান্তিক ঘটনাটোৰ উচিত তদন্ত দাবী জনোৱাৰ উপৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে।