
বঢ়মপুৰঃ ৫০ ঘন্টা ধৰি শুংসুত্ৰ নাই এগৰাকী থলুৱা কিশোৰীৰ৷ ১৬ বছৰীয়া কিশোৰীগৰাকীৰ নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা দৰিদ্ৰ পৰিয়ালটোৱে কান্দি-কাটি দিন পাৰ কৰিছে৷ নগাঁও জিলাৰ চামগুৰিৰ দিপক দাসৰ ১৬ বছৰীয়া কন্যা জুতিকা দাস কলেজলৈ যোৱাৰ পৰাই নিৰুদ্দেশ হয়৷
জানিব পৰা মতে, শুকুৰবাৰে নগাঁও টাউনৰ কলেজলৈ পুৱাই ঘৰৰ পৰা ওলাই গাছিল জুতিকা দাস৷ কিশোৰী গৰাকীৰ এই পৰ্যন্ত কোনো সন্ধান উলিয়াব পোৱা নাই পৰিয়ালে। নিৰুদ্দেশ সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত পৰিয়ালে এজাহাৰ দাখিল কৰিছে যদিও কিশোৰীগৰাকীৰ কোনো শুংসুলাভ কৰা নাই আৰক্ষীয়ে। কোনো লোকে কিশোৰীগৰাকীৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী থানাত খবৰ দিয়াৰ আহ্বান জনায় পৰিয়ালে৷