খোজ বিচাৰি জুতিকাই বিচাৰিছে সহায়ৰ হাত

তেজপুৰঃ এগৰাকী যুৱতীৰ কাহিনী৷ যিয়ে জীৱন যুদ্ধত কেতিয়াও হাৰ মনা নাই৷ অসংখ্য যন্ত্ৰনা, কষ্টক গা পাতি লৈও সদম্ভে আগবাঠিছে জীৱনৰ ৰণত৷ তথাপি কেতিয়াবা যেন তাই নিজেই থমকি ৰয়৷ সুখৰ পখিলা এটা খেদি খেদি হঠাৎ যেন তাই ভাগৰি পৰে৷ জীৱনৰ ২২ বসন্ত পাৰ কৰা যুৱতী গৰাকীয়ে কেতিয়াবা খোজ কাঢ়ি মৰুৰ বুকুত মৰিচিকা বিচৰাৰ সপোন ৰচে৷ কেতিয়াবা থাপ মাৰি চিঙি আনিব বিচাৰে হেপাঁহৰ তৰা এটা৷ কিন্তু তাই নোৱৰে৷ জীৱনৰ সতে যুঁজ দি ২২ টা বসন্ত পাৰ কৰিলেও কোনোবা খিনিত যেন তাই নিজকে হাৰি যোৱা অনুভৱ কৰে৷ কিন্তু কাৰ সতে তাই হাৰে, সেয়া তাই নিজেই নাজানে৷

নগাঁৱৰ জুতিকা শইকীয়া নামৰ যুৱতীগৰাকীয়ে জন্মগত ভাৱে বাওঁভৰি খন নথকা স্বত্তেও যুঁজ দি গৈছে জীৱনৰ সৈতে৷ দুখীয়া পৰিয়ালৰ জুতিকাই স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ পাছত গুৱাহাটী বিশ্ববিদ্যালৰ আইডলৰ যোগে দৰ্শন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে। বৰ্তমান ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত শিক্ষয়িত্ৰী ৰূপে কৰ্মৰত জুতিকাই DELED পাঠ্যক্ৰমটো নামভৰ্তি কৰিছে। জীৱন যুঁজত কাহানিও ভাগৰি নপৰা মেধা সম্পন্ন জুতিকাইও বিচাৰে আন দহজনী ছোৱালীৰ দৰে দুভৰিৰে খোজ কাঢ়ি পৃথিৱীৰ পৰিধি বিচাৰিবলৈ। 

সেয়েহে কৃত্ৰিমভাৱে হ’লেও নিজৰ দুয়োখন ভৰিৰ ওপৰত থিয় দিব খুজিছে জুতিকাই। এই ক্ষেত্ৰত ইতিমধ্যে কলকাতাৰ কৃত্ৰিম অংগ সংস্থাপনকাৰী চিকিৎসালয় ‘অট’বক’ৰ সৈতে যোগাযোগ কৰে জুতিকাৰ পৰিয়ালে৷ তেওঁলোকে জনোৱা মতে, এই সমগ্ৰ প্ৰক্ৰিয়াটোত খৰচ হ’ব প্ৰায় চাৰি লাখ টকা। ইফালে দৰিদ্ৰ পৰিয়ালটোৱে ইমান ব্যয়ৰে জুতিকাক দুভৰিৰ ওপৰত থিয় কৰাবলৈ অক্ষম৷

সেয়েহে জুতিকাৰ পৰিয়ালে শেষত উপায়ন্তৰ হৈ সহৃদয়বান লোকৰ সহায় কামনা কৰিছে৷ স্থানীয় লোকসকলে জুতিকাৰ এই সংগ্ৰামী জীৱনৰ অংশীদাৰ হৈ জুতিকাক দুভৰিত ঠিয় হ'ব পৰাকৈ যিয়ে যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে৷ লগতে অসম চৰকাৰক এই বিষয়টোৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈকো স্থানীয় লোকসকলে অনুৰোধ জনাইছে৷ কোনো সদাসয় ব্যক্তিয়ে যদি জুতিকাক সহায়ৰ হাত আগবঢ়াব বিচাৰে, তেন্তে ৭৮৯৬৮৯২৯১৭/৭৫৭৭৭৬১১৯৩/৯৭০৬৪৭৮৫৫০ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালটোৱে আহ্বান জনাইছে৷