
গুৱাহাটীঃ কামৰূপৰ ৰঙিয়াৰ গ্ৰাম্য অঞ্চলত কম্পিউটাৰ শিক্ষাৰ বিস্তাৰৰ বাবে কাম কৰি গৈছে৷ বিভিন্ন সময়ত বিভিন্ন ধৰণে গ্ল’বেল কম্পিউটাৰ নামৰ অনুষ্ঠানটোৱে শিক্ষাৰ দিশত কাম কৰি গৈছে৷ সজাগতা সভা, ছাত্ৰ-ছাত্ৰীক বাহ্যিক শিক্ষা প্ৰদান কৰাৰ লগতে কম্পিউটাৰ শিক্ষাৰ প্ৰশিক্ষণ দি আহিছে৷ তাৰ মাজতে অনুষ্ঠানটোৱে, বিশ্ব নাৰী দিৱস উপলক্ষে ৰঙিয়া গ্ল’বেল কম্পিউটাৰ চেন্টাৰে এক প্ৰশংসনীয় পদক্ষেপ হাতত লয়।
গ্ল'বেল কম্পিউটাৰ চেন্টাৰৰ সঞ্চালক এম ডি গোলফামৰ নেতৃত্বত চেন্টাৰটোৰ কেইবাগৰাকী সহযোগী সহ এটা দলে ৰঙিয়া চহৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত কৰ্মৰত মহিলা কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ প্ৰয়াস কৰে। গ্ল’বেল কম্পিউটাৰে মহিলাসকলক ফুলাম গামোছা পিন্ধাই বিশ্ব নাৰী দিৱসৰ শুভেচ্ছা যাচে৷ মহিলাসকলক কৰ্মত উৎসাহ প্ৰদানৰ চেষ্টা কৰে।
বিশেষকৈ ৰঙিয়া চহৰৰ কেইবাখনো মোবাইল দোকানত কৰ্মৰত মহিলা, কেইবাটাও কম্পিউটাৰ চেন্টাৰত কৰ্মৰত মহিলা, কেইবাখনো হোটেলত কৰ্মৰত মহিলাৰ লগতে ৰঙিয়াৰ কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ত কৰ্মৰত শিক্ষয়িত্ৰী, আৰু চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত কৰ্মৰত মহিলা কৰ্মচাৰীক বিশ্ব নাৰী দিৱস উপলক্ষে অভিনন্দন জনায়। ৰঙিয়াত এক ব্যতিক্ৰমি ৰূপত এনেদৰে নাৰী দিৱস পালন কৰা কাৰ্যসূচীত ৰঙিয়াৰ কেইবাজনো উদিয়মান যুৱক-যুৱতীৰ লগতে বিশেষকৈ সমাজকৰ্মী ধৰিত্ৰী ৰাজবংশী, বিউটি আহমেদ, উৎপল দাস, সপোন জ্যোতি শৰ্মা আৰু চন্দন তালুকদাৰ উপস্থিত থাকে।