
newsnextone.com | ধিং/জাজৰিঃ ৰাজ্যৰ থলুৱা ইছলামধৰ্মীসকলৰ একমাত্ৰ জাতীয় সংগঠন সদৌ অসম গৰিয়া মৰিয়া-দেশী জাতীয় পৰিষদে বুধবাৰে নগাঁও জিলাৰ ধিঙৰ সোণাৰীগাঁৱত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে৷ অসমীয়া জাতীৰ জীৱনৰ বিপদৰ কালত সক্ৰিয় ভূমিকা পালন কৰি অহা সংগঠনটোৰ উদ্যোগত অনুষ্ঠিত সভাত কেইবাশতাধিক লোক উপস্থিত থাকে৷ সভাত কেইবাগৰাকী কেন্দ্ৰীয় নেতাই থলুৱা ইছলামধৰ্মী খিলঞ্জীয়াক ডি-ভোটৰৰ জাননী জাৰি কৰাত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷
কেইবা শ বছৰ ধৰি অসমত বসবাস কৰি অহা অসমৰ ইছলামধৰ্মীসকলক কেইবছৰ মান পূৰ্বে অহা মুছলমানৰ সৈতে একাকাৰ কৰি বাংলাদেশী সজাই শেহতীয়াকৈ ডি-ভোটাৰৰ জাননী প্ৰেৰণ কৰা কাৰ্যক ধিক্কাৰ দি অসমৰ সমাজ জীৱনত অৱদান আগবঢ়াই অহা অসমৰ থলুৱা ইছলামধৰ্মীসকলক অত্যাচাৰৰ মাত্ৰা বৃদ্ধি পাই অহা বুলি কয় সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক আজিজুল ৰহমানে৷ অসমৰ ইছলামধৰ্মীসকল কোনো ঠাইৰ পাৰ অহা মানুহ নহয় বুলি কৈ অসমৰ ভূমিপুত্ৰসকলৰ বংশধৰ বুলি কয়৷ অসমৰ বিভিন্ন জনগোষ্ঠীৰ পাৰ বিভিন্ন কাৰণত ধৰ্মহে পৰিৱৰ্তন কৰা লোকক আজি গৰিয়া বুলি জনা যায় বুলি কয় ৰহমানে৷
কেন্দ্ৰীয় সম্পাদক আজিজুল ৰহমানে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৰাজ্যৰ বঞ্চিত, অৱহেলিত খিলঞ্জীয়া ইছলামধৰ্মীসকলৰ এক বৰ্ণিল ইতিহাসো আছে বুলি কয়৷ আহোম-মোগলৰ যুদ্ধৰ পৰা আৰম্ভ কৰি, দেশৰ স্বাধীনতা আন্দোলন, অসমৰ বিদেশী আন্দোলনত এই সকল খিলঞ্জীয়াৰ গুৰুতৰ ভূমিকা আছে, সেয়া আজিও ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ থকা বুলি কৈ ডি-ভোটাৰৰ জাননী প্ৰেৰণ কৰা বিষয়টো লজ্জাৰ বিষয় বুলি কয় ৰহমানে৷
বছৰ বছৰ ধৰি বঞ্চিত অৱহেলিত ৰাজ্যৰ থলুৱা ইছলামধৰ্মী গৰিয়া, মৰিয়া, দেশী, জলহা আদি জনগোষ্ঠীৰ লোক৷ জনগোষ্ঠীয় পৰিচয় বিচাৰি গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকলে আজিও প্ৰতিবাদ কৰি আহিব লগা হৈছে৷ স্বাধীনতা আন্দোলন, ভাষা আন্দোলন, অসম আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰা ভূমিপুত্ৰ ইছলামধৰ্মী লোকসকলে বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰে আজিজুল ৰহমানে৷
ডি ভোটাৰ প্ৰসংগ উল্লেখ কৰি সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে খিলঞ্জীয়াক ডি-ভোটাৰ সজাব বিচৰা কাৰ্যক কেতিয়াও মানি লব নোৱাৰি বুলি কয়৷ এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ প্ৰাক মুহূৰ্তত বিদেশী ন্যায়ধিকৰণে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক যধে-মধে ডি-ভোটাৰ সজোৱা কাৰ্যক গৰিহণা দি এনে এনে কাণ্ডৰ পৰা শীঘ্ৰে বিৰত নাথাকিলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ভয়াবহ আন্দোলন গঢ়ি তোলা হ’ব বুলি কয়৷
আনহাতে নগাঁৱৰ আন এখন গৰিয়া গাঁও জাজৰি বালিকা প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰতো এখন সবা অনুষ্ঠিত হয়। উক্ত সভাতো আজিজুল ৰহমানে অংশ লৈ বছৰ বছৰ ধৰি অসমত বসবাস কৰি অহা গৰিয়া-মৰিয়াসকলক ডি-ভোটাৰ সজাই চৰকাৰ খনে হাৰাশাস্তি কৰি অহা বুলি চিন্তা ব্যক্ত কৰি বহি নথকাৰ হুংকাৰ দিয়ে৷ আমি হাড়ে হিমজুৱে অসমীয়া৷ আমাক এনেদৰে ডি-ভোটাৰ সজাই হাৰাশাস্তি কৰিলে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ হাত সাৱটি বহি নাথাকো। প্ৰয়োজন সাপেক্ষে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হম বুলিও কয় ৰহমানে৷
গৰিয়া-মৰিয়া-দেশীসকল নিজ পৰিচয় সংকটত। আমাৰ নিজৰ অজ্ঞতা, নিৰক্ষৰতা আৰু সচেতনতাৰ অভাৱৰ বাবে খিলঞ্জীয়া গৰিয়া-মৰিয়া-দেশীৰ মুষ্টিমেয় লোক ভাৰতীয় নাগৰিকত্বৰ শংকাত ভোগ কৰিবলগীয়া হৈছে। আমি নিশ্চিতভাৱে দাবী কৰিব পাৰো যে বিশাল ভাৰতীয় সমাজ-সংস্কৃতিৰ আমিও এক অংগ। অসমৰ খিলঞ্জীয়া ভূমিপুত্রসকলৰ আমিও এক অংগ। আমি অসমীয়া কৃষ্টি-সংস্কৃতিৰ অভিন্ন অংগ বুলিও কয় সাধাৰণ সম্পাদক আজিজুল ৰহমানে। নগাঁও জিলাৰ বৃহৎ গৰিয়া গাঁও জাজৰি বালিকা প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত সভাত কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে গৰিয়া-মৰিয়া-দেশী লোকসকলে এন আৰ চি নতুবা ডি-ভোটাৰক লৈ শংকিত হব নালাগে বুলি কয়।
সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সভাপতি কাফিল আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাত মৰিগাঁও জিলাৰ সভাপতি ইবাদুল আলি, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহক ৰিপন চৌধুৰী, মৰিগাঁও জিলাৰ সাধাৰণ সম্পাদক আৰিফুদ্দিন আহমেদ, নগাঁও জিলা সমিতিৰ সহ সম্পাদক মোজামিল হুছেইন, মাজিৰুল ইছলাম, লিয়াকত আলি, ৱাহিদুৰ জামান আৰু বিশিষ্ট সমাজকৰ্মী ডা০ আব্দুল আৱাল, মিজামল হুছেইন উপস্থিত থাকে। জাজৰি আঞ্চলিক সমিতিৰ সম্পাদক জিয়াউৰ ৰহমানে সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে।