ভূত-বাংলাত পৰিণত গোৱালপাৰা জিলাৰ বহতি চিকিৎসালয়

গোৱালপাৰাঃ গ্ৰাম্য এলেকাৰ দৰিদ্ৰ শ্ৰমিক, খাটিখোৱা, দিনহাজিৰা কৰা লোকৰ বাবে উপযুক্ত চিকিৎসা সেৱা লাভ কৰাটো এতিয়া এক সপোন হে মাথোন৷ চৌদিশে গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহৰ মাজত চৰকাৰী চিকিৎসালয় সমূহে বাৰুকৈয়ে চিৎকাৰ কৰিব লগা হৈছে৷

চৰকাৰ তথা প্ৰশাসনৰ পৰিচৰ্যাৰ অভাৱত একাংশ চিকিৎসালয়ৰ গৃহ সমূহ জহি-খহি যাবলৈ আৰম্ভ কৰিছে৷ ৰাজ্য খনৰ প্ৰতিটো অঞ্চলত থকা চিকিৎসালয় সমূহ যেন ক্ৰমান্বয়ে মৃত্যুৰ সৈতে যুঁজ দিব লগা হৈছে৷ চিকিৎসালয় গৃহ-আৱাস গৃহৰ অভাৱ, মেৰামতিৰ অভাৱত চিকিৎসালয় গৃহ-আৱাস গৃহ জহি-খহি যোৱাৰ লগতে চিকিৎসক-নাৰ্চৰ অভাৱে জুৰুলা কৰিছে গ্ৰাম্য অঞ্চলৰ চিকিৎসালয় সমূহ৷

ৰাজ্যৰ গ্ৰাম্য এলেকাৰ স্বাস্থ্য খণ্ডৰ ভয়াবহ ছবিখন প্ৰতিদিনে উন্মোচিত হৈ আহিছে৷ তাৰ মাজতে ৰাজ্যৰ এখন চিকিৎসালয়ত আৱাস গৃহৰ অভাৱত চিকিৎসক-নাৰ্চ চিকিৎসালয়ৰ সমীপত থাকিব নোৱাৰাৰ ফলত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈছে এটি অঞ্চলৰ ৰাইজ৷  

গোৱালপাৰা জিলাৰ বহতি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত এতিয়া অচলা অৱস্থাৰ সৃষ্টি হৈছে৷ চিকিৎসালয় খনত চিকিৎসকে পুৱাই নিজে আহি ঝাড়ু দিব লগা হয়৷ চিকিৎসক-নাৰ্চৰ থাকিবলৈ নাই আৱাস গৃহ৷ চিকিৎসালয় চৌহদত নিতৌ চলে জুৱাৰ আদ্দা৷ তথাপিও নিমাত স্বাস্থ্য বিভাগ আৰু স্থানীয় প্ৰশাসন৷

চিকিৎসালয় স্থাপন কৰি চৰকাৰে আঁচনি ৰূপায়ন কৰিলে থিকেই কিন্তু অশ্বৰ্যজনক ভাৱে চিকিৎসালয়খনত নাই বিনামুলীয়া ঔষধপাতি, নাই ৰোগীক শুশ্ৰুষা কৰিবলৈ উন্নত ব্যৱস্থা৷ 

মুঠতে এখন চিকিৎসালয় স্থাপন কৰিয়েই দায়িত্ব সামৰিছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে৷ ইতিমধ্যে চিকিৎসালয়ৰ দৃশ্য আৰু অৱস্থা প্ৰত্যক্ষ কৰিলে আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভালৰ লেখিয়া হৈছে চিকিৎসালয় খন৷

চিকিৎসক নাৰ্চ থকাৰ বাবে নাই আবাস গৃহ৷ জৰুৰীকালীন সময়ত পোৱা নাযায় চিকিৎসক-নাৰ্চ৷ দীৰ্ঘ দিনে মেৰামতি নকৰাত জহি খহি গৈ ভুত বাংলাত পৰিনত হৈছে চিকিৎসক-নাৰ্চৰ আবাসগৃহসমূহ৷ 

গোৱালপাৰাত স্বাস্থ্য বিভাগৰ নগ্ন ছবি খন ওলাই পৰিছে৷ গোৱালপাৰা জিলাৰ বহতি ক্ষুদ্ৰ চিকিৎসালয়ত নাই পৰ্যাপ্ত চিকিৎসক-নাৰ্চ৷ চিকিৎসক নাৰ্চৰ আবাস গৃহ সমুহ দীৰ্ঘ দিনে মেৰামতি নকৰাৰ ফলত জহি খহি গৈছে৷ ইমানে একাংশ লোকে চিকিৎসালয় খনৰ চৌহদত নিতৌ চলাই জুৱাৰ আদ্দা৷

পৰিতাপৰ বিষয় এই যে চিকিৎসালয়খনত চিকিৎসকে ৰোগী চোৱাচিতা কৰা অথবা আন আন কৰ্মচাৰীয়ে চিকিৎসালয়খনক নিৰীক্ষণ কৰাটো দূৰৰ কথা বৰং চিকিৎসালয়খনত চিকিৎসক-নাৰ্চৰে থাকিবলৈ আৱাস গৃহ নাই৷ 

সম্প্ৰতি চিকিৎসালয়খনৰ চৌহদৰ আৱাস গৃহ সমূহ জহি-খহি যাবলৈ আৰম্ভ কৰিছে৷ আৱাস গৃহ সমূহ ক্ৰমান্বয়ে ভূত-বঙলালৈ ৰূপান্তৰিত হৈছে৷ যাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে৷