
গোৱালপাৰাঃ সামাজিক ব্যাধি স্বৰূপ বাল্য বিবাহ বন্ধ কৰা, নাৰী সৰবৰাহ, শিশু শ্ৰমিকৰ বিৰুদ্ধে ৰাইজক সজাগ কৰৰা উদ্দেশ্যে দেওবাৰে গোৱালপাৰা জিলাৰ বগুৱান আৰক্ষী থানাৰ অন্তৰ্গত ঝুনকাইপাৰা চাৰিআলিত এখন সজাগতা সভা অনুষ্ঠিত হয়৷ ঝুনকাইপাৰা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু নলঙা গাঁও পঞ্চায়তৰ সহযোগত ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক জালালুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হয়৷
কেইবা শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত খৰমুজা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আব্দুৰ ৰহিম ভূঞাই ৰাইজক উদ্দেশ্যে কয় "আমাৰ অসমৰ সংখ্যালঘু প্ৰধান অঞ্চলসমূহত অশিক্ষাৰ ফল স্বৰূপে সামাজিক ব্যাধি স্বৰূপ বাল্য বিবাহ, শিশু শ্ৰমিক, নাৰী সৰবৰাহৰ দৰে ভয়াবহ ঘটনা সংঘটিত হৈ আহিছে ৷ আমাৰ সমাজ ব্যৱস্থাত বিৰূপ প্ৰভাৱ পৰিছে৷ আমি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ শিক্ষাৰ জাগৰণ আনিবই লাগিব৷ আত্ম সংস্কাৰ অবিহনে আমাৰ সমাজ আগবাঢ়ি যাব নোৱাৰে"।
অন্য এগৰাকী বক্তা অধ্যাপক আব্দুল ওহাবে শিক্ষাই জাতিৰ মেৰুদণ্ড গতিকে আপোনালোকৰ ল'ৰা-ছোৱালীক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি উপযুক্ত বয়সত বিয়া দিয়াৰ চিন্তা কৰিব ন’হলে জাতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে বুলি কয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোৱালপাৰা আৰক্ষীৰ সীমান্ত শাখাৰ উপ-আৰক্ষী অধীক্ষক আনোৱাৰ হুছেইনে যদি আইন বহিৰ্ভূত ভাবে কোনো লোকে সোণালী শৈশৱৰ সপোন খেদি ফুৰা ল'ৰা-ছোৱালীৰ অধিকাৰৰ পৰা বঞ্চিত কৰি পিতৃ-মাতৃয়ে বিয়া দিয়ে তেন্তে আইনৰ দৃষ্টিত তেওঁলোকক অপৰাধী বুলি গণ্য কৰা হ’ব বুলি কয়৷
তেনে পিতৃ-মাতৃক যথোচিত শাস্তি বিহা হ’ব। আমি যেতিয়া কম বয়সতে আমাৰ সন্তানক বিয়া দিলে তেওঁলোকে যেতিয়া মাতৃ হব। মাতৃ জনীৰ সৈতে সন্তানক পুষ্টিহীনতাত মৃত্যুক আঁকোৱালি লব লাগিব গতিকে ইয়াৰ পৰা আমি সাৱধান হৈ থাকিব লাগিব বুলি কয় আৰক্ষী বিষয়াগৰাকীয়ে। শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি যদি কোনো লোকে সন্তানক শিশু শ্ৰমিক হিচাপে নিয়োগ কৰে তেন্তে ব্যৱহাৰকাৰীৰ লগতে যিয়ে নিযুক্তি দিছে অন্তত দুবছৰৰ বাবে কাৰাবাস খাটিব লাগিব।
সভাত বিশিষ্ট সমাজকৰ্মী ছাইফুল ইছলাম, শিক্ষক শ্বাহানুৰ ইছলাম, বগুৱান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুছ ছালাম তালুকদাৰ, বগুৱান আৰক্ষী থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক নিৰঞ্জন ৰাভা, গোলাম মাওঁলা, স্থানীয় যুৱক জেহেৰুল ইছলাম উপস্থিত থাকে৷ সভা সাফল্যমণ্ডিত কৰাৰ বাবে মূল উদ্যোগতা ঝুনকাইপাৰা গাঁওৰক্ষী বাহিনীৰ সম্পাদক তথা বালিজানা ব্লকৰ প্ৰাক্তন চিআৰচি আব্দুল মালেকে জনগনক কৃতজ্ঞতা জ্ঞাপন কৰে৷