নীপকোৱে আকৌ এৰিব পানী, আতংকগ্ৰস্ত ৰাইজ

newsnextone.com | কাজিৰঙাঃ পোহৰ দিয়া নীপকোৱে আকৌ এন্ধাৰ নমাই আনিব পাৰে শ-শ পৰিয়ালৰ মাজলৈ। কিয়নো নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্প কৰ্তৃপক্ষই জলপৃষ্ঠ তীব্ৰ গতিত বৃদ্ধি হোৱাৰ ফলত গেট খুলি পানী এৰি দিয়াৰ বাবে সাজু হৈছে। সোমবাৰে পুৱা ৩২৩.৯৫ মিটাৰলৈ পানী বৃদ্ধি পাইছে বুলি জনোৱাৰ লগতে গেট খুলি পানী এৰিবলগীয়া হ'ব পাৰে বুলি প্ৰকাশ কৰে।

বৰ্তমান গেট বন্ধ কৰি‌ থোৱা হৈছে যদিও জলপৃষ্ঠ স্পিলিং লেভেল ৩২৪ মিটাৰ অতিক্ৰম কৰিলে পুনৰ পানী এৰিব লগীয়া পৰিস্থিতি সৃষ্টি হব পাৰে বুলি কৰ্তৃপক্ষই মন্তব্য প্ৰকাশ কৰিছে। ফলত ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় নীপকোৱে। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৪ খন গেট খোলাৰ সিদ্ধান্ত লৈ ১৬ ঘণ্টাৰ ভিতৰত গেট খুলি দিব বুলি কয়। গেট খোলাৰ লগে লগে মহাপ্ৰলয়ৰ সৃষ্টি হ'ব সেয়া খাতাং।

উল্লেখ্য যে, নীপকোৱে প্ৰকল্পৰ গেটেৰে এৰি দিয়া পানীয়ে গোলাঘাট জিলাত মহা প্ৰলয়ৰ সৃষ্টি কৰিছিল। জিলা খনৰ নুমলীগড়ত বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছিল যদিও দেওবাৰে পুৱাৰে পৰা বান পৰিস্থিত ক্ৰমান্বয়ে উন্নত হ'ব ধৰিছে। যোৱা ৬ দিনেই ৰাইজে হাহাকাৰ কৰি দিন পাৰ কৰিব লগা হৈছিল। ওখ ঠাই বিচাৰি, অন্ন-বস্ত্ৰ বিচাৰি হাহাকাৰ কৰিব লগা হৈছিল। 

সম্পূৰ্ণ যাতায়ত ব্যৱস্থা বন্ধ কৰি ৰখা হৈছিল। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে তীব্ৰ গতিত পানী বাগৰি থকাত গাড়ী-মটৰৰ চলাচল বন্ধ ৰখা হৈছিল। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ এফালৰ পৰা খহিব ধৰাত আতংকিত হৈ পৰিছিল। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে খহাই নিছিল ঘাইপথৰ পকী দলঙৰ এটা অংশ। ফলত ২ আগষ্টৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথতৰ গোলাঘাট জিলাৰ বানৰ কৱলত পৰা অংশত প্ৰশাসনে যান-বাহনৰ চলাচল বন্ধ কৰিছিল।পুনৰ নীপকোৱে পানী এৰি দিব বুলি খবৰ প্ৰচাৰ হোৱাত আতংকৰ সৃষ্টি হৈছে।