গোলাঘাট জিলাত গণৰাজ্য দিৱস উদযাপন

বৰপথাৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাতো উলহ-মালহেৰে গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়৷ পুৱা জিলা খনৰ সদৰ, মহকুমা সদৰ, ৰাজহ চক্ৰ কাৰ্যালয়, খণ্ড উন্নয়ন কাৰ্যালয়, বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদিয়ে পতাকা উত্তোলন কৰে৷

জিলা খনৰ ধনশিৰি মহকুমাৰ সৰুপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছতেই আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এনচিচি কেডেট, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ পেৰেড অনুষ্ঠিত হয়৷

আৰক্ষী বাহিনী, সংৰক্ষিত বাহিনীৰ লগতে স্থানীয় বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেডত অংশ গ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে৷ আৱেলি ২ বজাৰ পৰা ধনশিৰি মহকুমা প্ৰশাসন আৰু সাংবাদিক একাদশৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়৷ খেলত মহকুমা প্ৰশাসন একাদশ জয়ী হয়৷