গোলাঘাটত স্বচ্ছ ভাৰত অভিযান সন্দৰ্ভত সভা

গোলাঘাটঃ গোলাঘাট জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট সংমণ্ডল এলেকাৰ ৪০ স্বেচ্ছাসেৱী অনুষ্ঠান আৰু আত্মসহায়ক গোটৰ কৰ্মীৰ উপস্থিতিত যোৱা ১৮ ডিচেম্বৰত স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)ৰ সন্দৰ্ভত এখন সভা অনুষ্টিত হৈ যায়৷

গোলাঘাট পৌৰসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত স্বচ্ছ ভাৰত অভিযানৰ জিলা পৰামৰ্শদাতা বিশ্বজিৎ গগৈয়ে আঁত ধৰে৷ সভা উদ্বোধন কৰি জিলা উপায়ুক্ত গৌৰৱ বোথ্ৰাই ২০১৮ৰ মাৰ্চৰ ভিতৰত জিলাখনৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ বাবে বিজ্ঞানসন্মত শৌচাগাৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পোষকতা কৰে।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা তথা জিলা পানী যোগান আৰু অনাময় সমিতিৰ সদস্য সচিব মনোৰঞ্জন শইকীয়াই সভাৰ উদ্দেশ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰি স্বচ্ছ ভাৰত অভিযান মিছনত স্বেচ্ছাসেৱী অনুষ্ঠান আৰু আত্মসহায়ক গোটৰ দায়িত্ব আৰু কৰ্তব্য বহুত বুলি কয়৷

অনাময় সজাগতা, বিশুদ্ধ খোৱা পানী, পৰিষ্কাৰ-পৰিছন্নতা আদিৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ কৰিবৰ বাবে বিভিন্ন যোগাযোগ মাধ্যম সমূহৰ ব্যৱহাৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শাখা বিষয়া অনুজ বৰা, খণ্ড সমন্বয়ক অনুপম বৰুৱা, বেতনী প্ৰগতি পুথিভঁৰালৰ পদ্মেশ্বৰ বৰা আৰু কাজিৰঙা এনজিঅ'ৰ হেমন্ত গগৈয়ে।

স্বচ্ছ ভাৰত অভিযানৰ গোলাঘাট জিলাৰ পৰামৰ্শদা দেৱজিৎ চক্ৰৱৰ্তী, পাৰ্থপ্ৰতীম বৰদলৈ আৰু জিলা স্বচ্ছতা প্ৰেৰক উদয় শংকৰ বৰাই সভাত উপস্থিত থাকি এই অভিযান সফল কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়৷