
বেতবাৰীঃ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ ঠেলামৰা ৰাজহ চক্ৰৰ উলুবাৰীৰ গাঁৱক বক্সাৰ অংকুশিতাই জিলিকাই তোলাৰ লগতে নগাঁৱক জিলিকাই তুলিলে বিল্ডিঙত ছৰিফুলে। এইবাৰ এগৰাকী কণমানিয়ে জিলিকালে এখন গাঁও।
শিৱসাগৰ জিলাৰ চুনপোৰা হাবি গাঁৱক উজলাই তুলিলে সপ্তম শ্ৰেণীৰ ছাত্ৰী আস্থা বৰাই। আন্তৰ্জাতিক পৰ্যায়ত আস্থাই সফলতা অৰ্জন কৰি ৰাজ্যখললৈ গৌৰৱ কঢ়িয়াই আনে। বক্সিঙত অংকুশিতা আৰু বডি বিল্ডিঙত ছৰিফুলৰ পিছত এইবাৰ এগৰাকী কণমানিয়ে গৌৰৱ কঢ়িয়াই আনিলে যোগাসনত।
যোগাসনৰ জড়িয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ ছাত্ৰীগৰাকী। বিশ্বৰ কেইবাখনো দেশৰ প্ৰতিযোগীৰ ভিতৰত সোণৰ পদক আজুৰি আনিলে শিৱসাগৰ জিলাৰ চুনপোৰাৰ কণমানি আস্থা বৰাই। আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত সোণৰ পদক অৰ্জনেৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হল চুনপোৰা হাবি গাঁৱৰ আস্থা বৰাই৷
চুনপোৰাৰ কন্যা আস্থা গুৰুকুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী। সৰুৱে পৰা যোগাসনত মনোনিৱেশ কৰা ছাত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত পূৰ্বে পদক অৰ্জন কৰাৰ পাছত এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ সপোন পূৰণ কৰিলে।
কৰ্ণাটকত ২১ নৱেম্বৰৰ পৰা অনুষ্ম্ভঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰথম স্থানেৰে সোণৰ পদক অৰ্জন কৰে। ছাত্ৰী গৰাকীৰ এই সাফল্যত স্বাভাৱিকতে অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে৷ অভিনন্দন জনাবলৈ ঘৰখনলৈ সোঁত বৈছে বহু লোকৰ।
ভিয়েটনাম ,আন্দামান নিকোবৰৰ লগতে বহুকেইখন দেশৰ আগশাৰীৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি খুৱেই আনন্দিত হৈ পৰে ছাত্ৰী আস্থাই। আৰ্থিক অনাটনৰ মাজেৰে যোগাসনৰ প্ৰশিক্ষণ লৈ গৌৰৱ কঢ়িয়াই অনাত এতিয়া আনন্দত মুখৰ পৰিবেশ চুনপোৰাৰ ঘৰখনত।