বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ তৃতীয় দিন, উপস্থিত থাকিব মুখ্যমন্ত্ৰী

চামগুৰিঃ ৰাজ্যৰ ভিতৰতে অন্যতম ইতিহাসে গৰকা নগাঁও জিলাৰ পুৰণিগুদামৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ে ২৫ অক্টোবৰৰ পৰা তিনিদিনিয়াকৈ পালন কৰিছে সোণালী জয়ন্তী সমাৰোহ। অঞ্চলটোৰ সকলো প্ৰকাৰৰ লোকে সকলো কাম-বন এৰি যোৱা দুদিন ধৰি ব্যস্ত হৈ পৰিছে সোণালী জয়ন্তী সমাৰোহত৷ এক ঐতিহাসিক সময়ৰ সাক্ষী হৈ ৰবৰ বাবে সকলোৱে সহায়-সহযোগ কৰিবলৈ ওলাই আহিছে  সোণালী জয়ন্তীৰ কাম কাজৰ বাবে৷

শুকুৰবাৰে অন্তিম দিন৷ আদৰৰ মুকলি সভা খন অনুষ্ঠিত হ’ব৷ মুকলি সভাত উপস্থিত থাকিব ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ লগতে কেইবাগাৰকী লোক৷ ৰাইজে মুখ্যমন্ত্ৰীৰ পৰা মহাবিদ্যালয় খনৰ বাবে বিশেষ ঘোষণা কৰিব বুলিও আশা পুহি ৰাখিছে৷ মহাবিদ্যালয়ৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা, প্ৰাক্তন অধ্যাপক-অধ্যাপিকাকে ধৰি বহু কেইগৰাকী প্ৰাক্তন অধ্যক্ষ উপস্থিত থাকি সোণালী জয়ন্তী সমাৰোহৰ গৌৰৱোজ্জ্বল মূহুৰ্ত্ত সমূহ জীপাল কৰি তোলাৰ লগতে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয়৷

বৃহস্পতিবাৰে পুৱা ১০বজাত অনুষ্ঠিত বক্তৃতা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাংবাদিক তথা প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তৃতা প্ৰদান কৰাৰ লগতে অনুষ্ঠানটো শুভ উদ্ধোধন কৰে৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন শইকীয়াই সঞ্চালনা কৰা অনুষ্ঠানত বিশিষ্ট সাংবাদিক গৰাকীয়ে দীঘলীয়া ভাষণ প্ৰসংগত লোক-সংস্কৃতিৰ গৱেষক, পণ্ডিত ড০ বিৰিঞ্চি কুমাৰ বৰুৱাৰ জীৱন আৰু কৃতী সন্দৰ্ভত আলোকপাত কৰে৷

সমাজক কিবা এটা দিব নোৱাৰিলে কেৱল কেৰিয়াৰৰ প্ৰতি সজাগ লোকৰ দ্বাৰা সমাজৰ সামগ্ৰিক উন্নয়ন নহয় বুলি কয় সাংবাদিৰ ভূঞাই৷ ছাত্ৰ-ছাত্ৰীসকল নম্বৰৰ পিছত দৌৰিছে, কেৰিয়াৰৰ কাৰণে নম্বৰৰ পিছত দৌৰি সামাজিক সচেতনতা, সামাজিক দ্বায়বদ্ধতাৰ কথা পাহৰি গৈছে৷ অভিভাৱক সকলেও ব্যক্তিকেন্দ্ৰিক পৰিৱেশৰ পৰা আঁতৰ কৰি ছাত্ৰ-ছাত্ৰীসকলক সামাজিক পৰিৱেশত জীয়াই থাকিবলৈ দিয়ক৷

কাৰণ এখন ব্যক্তি কেন্দ্ৰিক সমাজ আমাৰ কাম্য নহয়৷ প্ৰসংগক্ৰমে সাংবাদিক গৰাকীয়ে বৰ্তমান চৰকাৰ খনকো কঠোৰভাৱে সমালোচনা কৰাৰ লগতে মুক্ত চিন্তা আৰু মুক্তভাৱে কথা কোৱাসকলৰ বাবে এতিয়া সময় বৰ ভয়াবহ বুলি মন্তব্য কৰে৷ ড০ বিৰিঞ্চি কুমাৰ বৰুৱাৰ "জীৱনৰ বাটত" নামৰ গ্ৰন্থ খন ইংৰাজীলৈ অনুবাদ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপিকা গায়ত্ৰী ভট্টাচাৰ্যই ইংৰাজী সাহিত্যলৈ আগবঢ়োৱা বৰঙণী উল্লেখনীয় বুলি কয় ভূঞাই৷

ছচিয়েল মিডিয়া নিয়ন্ত্ৰণ হোৱাটো অতি প্ৰয়োজন বুলি উল্লেখ কৰি অসমত আঞ্চলিকতাবাদৰ অবিহনে গত্যন্তৰ নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়৷ সভাত লোক-সংস্কৃতিৰ গৱেষক, বিশিষ্ট লেখক মুৰুলীধৰ দাসক ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় বঁটা প্ৰদান কৰা হয়৷ ফুলাম গামোছা, চেলেং,সম্বর্ধনা পত্ৰ, স্মাৰকৰ উপৰিও নগদ ধন সহ এই বঁটা গ্ৰহণ কৰি লোক-সংস্কৃতিৰ গৱেষক দাস আবেগিক হৈ পৰে৷ জনগোষ্ঠীয় পৰম্পৰাগত সংগীতৰ ধ্বনিৰে মুখৰিত পৰিৱেশৰ মাজত বঁটা গ্ৰহণ কৰি অসম গৌৰৱ লোক-সংস্কৃতিৰ গৱেষকগৰাকীয়ে কয়, মই যাযাবৰী মানুহ৷

পাহাৰ ভৈয়ামেই মোৰ বাসস্থান৷ বিভিন্ন সময়ত বহু ঘাট-প্ৰতিঘাট অতিক্ৰম কৰি লোক-সংস্কৃতিৰ ক্ষেত্রত কাম কৰা বাবেই আজি মই এই সন্মান পাইছো বুলি কয় দাসে৷ বিগত ২৮বছৰ ধৰি মই হাল বাই নিজে কৃষি কৰ্ম কৰিছো৷ সেয়ে হাল বোৱাটো মই সংস্কৃতি বুলি ভাৱো৷

সভাত ছয় খন গ্ৰন্থ উন্মোচন কৰা হয়৷ মহাবিদ্যালয়ৰ অধ্যাপক কমল চন্দ্ৰ শইকীয়াই সম্পাদনা কৰা ‘গৱেষণাৰ জিলিঙনি’, ‘বিৰিঞ্চি কুমাৰ বৰুৱা সম্পদ আৰু অন্বেষণ’, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা গায়ত্ৰী ভট্টাচাৰ্যৰ 'জীৱনৰ বাট'ৰ উপন্যাসৰ ইংৰাজী অনুবাদ ‘ইন দা পাথ অফ লাইফ’, অধ্যাপক কমল চন্দ্ৰ শইকীয়া আৰু বিশাল শইকীয়াই যুটীয়া ভাৱে সম্পাদনা কৰা ‘ৰুয়েল চ'চিয়লজি ইছু এণ্ড পাৰ্চপেচক্টিভ’ আৰু মুৰুলীধৰ দাসৰ ‘জনজাতীয় সাধু’ আৰু ‘তিৱা আৰু কাৰ্বি লোকসংস্কৃতিৰ লেচেৰি-বুটলি’ নামৰ গ্ৰন্থ কেইখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপিকা গায়ত্ৰী ভট্টাচাৰ্যই৷

গ্ৰন্থ উন্মোচনী সভাত অতিথি হিচাপে উপস্থিত থাকে ড০ বিৰিঞ্চি কুমাৰ বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ বৈজয়ন্ত বৰুৱা, সাহিত্যিক মহেশ্বৰ নেওঁগৰ পুত্ৰ প্ৰনৱ স্বৰূপ নেওগ, পৰিচালনা সমিতিৰ সভাপতি হিতেশ্বৰ লস্কৰ আৰু প্ৰভু চৰণ নেওঁগ৷ বিয়লি এক সম্বর্ধনা সভা অনুষ্ঠিত হয়৷ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিতেশ্বৰ লস্কৰৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্দ্ধনা সভা উদ্ধোধন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাৰ্চায কন্দৰ্প কুমাৰ ডেকাই৷

পুৰণিগুদাম ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে, ই এক শুভ লক্ষণ বুলি কয় উপাৰ্চায কন্দৰ্প কুমাৰ ডেকাই৷ সভাত প্ৰাক্তন অধ্যক্ষ মৃদুল শইকীয়া আৰু নৃপেন্দ্ৰ কুমাৰ শৰ্মা উপস্থিত থাকে৷ মহাবিদ্যালয়ৰ অধ্যাপক সোমনাথ বৰাই আঁতধৰা সভাত প্ৰাক্তন অধ্যাপক-অধ্যাপিকা, প্ৰাক্তন কৰ্মচাৰী, ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক মহাবিদ্যালয়ৰ পৰা সম্বৰ্দ্ধনা জনােৱা হয়৷ নিশালৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা অনুষ্ঠিত হয় এটি বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান৷