
ৰঙিয়াঃ পূৱ ৰঙিয়া প্ৰগতি সংঘৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে পূৱ ৰঙিয়া জগদ্ধাত্ৰী প্ৰগতি ময়দানত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শিল্পী দিৱস অনুষ্ঠিত হয়৷ মহলবাৰে পুৱাই শিল্পী দিৱসৰ লগতে সোণালী জয়ন্তী মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়৷ ১৯৬৭ চনত মহোহো উৎসৱ পালনেৰে পূৱ ৰঙিয়া প্ৰগতি সংঘই গজালি মেলি আজি ৫০ বছৰ অতিক্ৰম কৰিলে৷
সাহিত্য, সংগীত, নাট্যকলা আদিৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত পূৱ ৰঙিয়া প্ৰগতি সংঘই অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে৷ ৰঙিয়াৰ বৌদ্ধিক চিন্তা চেতনাৰ অন্যতম প্ৰাণকেন্দ্ৰস্বৰূপ সংঘৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বিস্তৃত কাৰ্যসূচী হাতত লোৱা বুলি জানিব পৰা গৈছে৷ মঙলবাৰে পুৱা প্ৰভাত ফেৰীৰ পিছতে পুৱা ৯-৩০ বজাত বিধায়ক তথা সোণালী জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ভৱেশ কলিতাই সংঘৰ সোণালী জয়ন্তী মহোৎসৱৰ পতাকা উত্তোলন কৰে৷
ইয়াৰ পিছতে সংঘৰ সভাপতি সতীশ কাকতিয়ে সংঘৰ পতাকা উত্তোলন কৰে৷ পতাকা উত্তোলনৰ পিছতে শিল্পী প্ৰভাত নাথৰ পৰিচালনাত সোণালী জয়ন্তী মহোৎসৱ উপলক্ষে প্ৰস্তুত কৰি উলিওৱা সমবেত সংগীত এটি পৰিৱেশন কৰা হয়৷ পুৱা ১০ বজাত মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়৷ ৰঙিয়াৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে মহোৎসৱৰ লাইখুঁটা স্থাপন কৰে৷
১০-৩০ বজাত শ্বহীদ তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয়৷ অসম আন্দোলনৰ বীৰ শ্বহীদ সুনন্দ শালৈৰ পুত্ৰ তিলক শালৈয়ে শ্বহীদ তৰ্পণ অনুষ্ঠানৰ পাতনি মেলে৷ সংঘৰ প্ৰয়াত উদ্যোক্তা সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সংঘৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক নৰেন্দ্ৰ শৰ্মাই শ্ৰদ্ধাঞ্জলি তৰ্পণ অনুষ্ঠান মুকলি কৰে৷ দিনৰ ১১-৩০ বজাত চিত্ৰাংকন আৰু ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়৷
অৱসৰপ্ৰাপ্ত অধ্যক্ষ খাইৰুল ইছলামে প্ৰতিযোগিতা মুকলি কৰে৷ বুধবাৰে পুৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হ’ব৷ ইয়াৰ পিছতে আছে বন্তি প্ৰজ্বলন, দিনৰ ১০ বজাত জ্যোতি সংগীত প্ৰতিযোগিতা, জ্যোতি সংগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিখ্যাত কবিতা 'অসমীয়া ডেকাৰ উক্তি'ৰ আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ আবেলি ৩ বজাত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব৷ সন্ধিয়া ৬-৩০ বজাত অনুষ্ঠিত হ’ব নাট্যকাৰ হেমন্ত দত্ত ৰচিত কালজয়ী নাট 'মহাভাৰত'ৰ মহুৰৎ অনুষ্ঠান৷