মাটিৰ চাকি তৈয়াৰ কৰি সহায় কৰিব দুখীয়া, অনাথ, প্ৰতিবন্ধীক

নলবাৰীঃ দুখীয়া, অনাথ, প্ৰতিবন্ধী শিশু সকলক সহায়ৰ উদ্দেশ্য মাটিৰ চাকি তৈয়াৰ কৰি বিক্ৰীৰ প্ৰচেষ্টা চলাই বিক্ৰী কৰিছে এটি স্বেচ্ছাসেৱী অনুষ্ঠানে। নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত  মালিকুছিস্থিত স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰগতি প্ৰৱাহ যুৱ সংঘই আগন্তুক দীপাৱলী উৎসৱত সংঘৰ সমূহ সদস্যাই মিলি এই ব্যতিক্ৰমী প্ৰয়াস আৰম্ভ কৰিব।

মাটিৰ চাকি তৈয়াৰ কৰা কাৰ্যৰ আনুষ্ঠানিক ভাৱে শুভৰাম্ভ কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই। অনুপমা দেৱীয়ে আতঁধৰা অনুষ্ঠানটোৰ উদ্দেশ্য বাখ্যা কৰে সংঘৰ সভানেত্ৰী বৰ্ণালী শৰ্মা গৌড়ে।

অনুষ্ঠানত নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, বিজেপি নেতা জয়ৰাম বৰ্মন, ওৱাৰ্ড কমিছনাৰ কল্যাণী গোস্বামী, প্ৰগতি প্ৰৱাহ যুৱৰ সভানেত্ৰী মধুস্মিতা শৰ্মা, সম্পাদিকা মৃদুস্মিতা দেৱী, সদস্য আব্দুল আলী, ৰেকিবুদ্দিন আহমেদ, জেহেৰুল ইছলাম, জ্যোৰ্তিময় কৌশিক, লোপামুদ্ৰা বৰ্মন, মৃদুস্মিতা বৰ্মন প্ৰমুখ্যে অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে।

অনুষ্ঠানত বিধায়ক অশোক কুমাৰ শৰ্মাই বৰ্তমান সমাজ ব্যৱস্থাত প্ৰগতি প্ৰৱাহ যুৱ সংঘৰ প্ৰয়াস আদৰণীয় বুলি কৈ এচাম তথাকথিত লোকৰ বাবে সমাজখনত মানৱতাৰ অৱক্ষয় হৈছে হোৱা বুলি কয়৷