আমগুৰিৰ বাবে ভাল খবৰ, জানুৱাৰিৰ পৰা আৰম্ভ হ’ব পাৱাৰ প্ৰজেক্টৰ কাম

আমগুৰিঃ আমগুৰিৰ ৰাইজৰ বাবে ভাল খবৰ৷ ১৯৮৯ চনতে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আধাৰশিলা স্থাপন কৰা আমগুৰি পাৱাৰ প্ৰজেক্টৰ কাম আৰম্ভ কৰাৰ সেউজ সংকেত দিলে ৰাজ্য চৰকাৰে৷ অসম বিধান সভাৰ সংসদীয় সমিতিৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নেতৃত্বত বৃহস্পতিবাৰে বিধায়কৰ দল এটা আমগুৰি ভ্ৰমণ কৰি ৰাজনৈতিক পাকচক্ৰত পৰি ২৭টা বছৰে বন্ধ হৈ শক্তি প্ৰকল্পটো জানুৱাৰি মাহৰ পৰা কাম আৰম্ভ কৰা হ’ব বুলি কয়৷

অসম বিধান সভাৰ সংসদীয় সমিতিৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নেতৃত্বত অহা পাঁচজনীয়া বিধায়কৰ এটা দলটোৱে আমগুৰিৰ পাৱাৰ প্ৰজেক্টস্থলি পৰিদৰ্শন কৰি প্ৰকল্পটোৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হোৱাৰ সেউজ সংকেট দিয়ে। ১৯৮৯ চনতে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আধাৰশিলা স্থাপন কৰা গেছ ভিত্তিক শক্তি প্ৰকল্পটো ৰাজনৈতিক পাকচক্ৰত পৰি ২৭টা বছৰে বন্ধ হৈ আছিল।

বৰ্তমানে গেছৰ অভাৱত গেছ ভিত্তিক প্ৰকল্পৰ পৰিৱৰ্তে এক সৌৰশক্তি প্ৰকল্প স্থাপনৰ যো-জা কৰিছে ৰাজ্য চৰকাৰে। প্ৰায় ৯৭৩ বিঘা ভূমিত ৮৯ কিলোভল্ট ক্ষমতাসম্পন্ন শক্তি উৎপন্ন হ'ব লগা প্ৰকল্পস্থলিত ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ লগতে উপস্থিত থাকে বিধায়ক প্ৰদীপ হাজৰিকা, তেৰচ গোৱালা, যোগেন মহন, ৱাজেদ আলি চৌধুৰী, শিৱসাগৰ জিলা উপায়ুক্ত নাৰায়ন কোঁৱৰৰ লগতে প্ৰশাসনৰ কেইবাজনো বিষয়ববীয়া তথা বিভাগীয় উচ্চ পদস্থ বিষয়া। বৰ্তমানে গেছ ভিত্তিক প্ৰকল্প স্থাপন কৰিব নোৱাৰিলেও ভৱিষ্যতে গেছ ভিত্তিক প্ৰকল্পৰ বাৱে ১০০ বিঘা ভূমি আছুতীয়াকৈ ৰাখি থোৱা বুলি জানিবলৈ দিয়ে দ'লটোৱে।