
তুলসীবাৰীঃ গুৱাহাটী বিশ্ববিদ্যালয়ে সদ্য ঘোষণা কৰা বি এড চূড়ান্ত পৰীক্ষাত বাইহাটা চাৰিআলি বি এড মহাবিদ্যালয়ৰ ছাত্ৰী বৰ্ণালী ডেকা কলিতাই প্ৰথম বিভাগত ৰেংকসহ উৰ্ত্তীৰ্ণ হৈ কৃতিত্ব অৰ্জন কৰে।
বৰপেটা জিলাৰ ১৫৩৬ নং বাঘমাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা কমলপুৰ আল্টা নিবাসী হলিৰাম ডেকা আৰু লীলামতী ডেকাৰ জ্যেষ্ঠ কন্যাৰ ফলাফলত বাইহাটা চাৰিআলি বি এড মহাবিদ্যালয় পৰিয়াল উৎফুল্লিত হৈ পৰে৷
ৰঙিয়াৰ তৰণী নিবাসী শিক্ষক ধ্ৰুৱ কলিতাৰ সহ ধৰ্মিণী শিক্ষয়িত্ৰী বৰ্ণালীৰ ফলাফলত সন্তোষ প্ৰকাশ কৰে ৰঙিয়াবাসীয়ে।