গুগল মেপছৰ পৰা কাৰ্বি আংলঙৰ পথ নিৰ্দেশনা আতৰ হৈছে নে কি?

newsnextone.com | গুৱাহাটীঃ গুগল মেপছ। কোনে অচিনাকি ঠাইলৈ গৈ বিপদত নপৰাকৈ এটুকুৰা ঠাই বিচাৰি চাব পাৰি৷ যদিহে হাতত এটা স্মাৰ্ট ফোন আৰু ইণ্টাৰনেট সংযোগ থাকে। কিয়নো ঠাই টুকুৰাৰ নামটো চাৰ্জ কৰিলেই ওলাই পৰে পথৰ নীতি নিৰ্দেশনা৷ 

কিমান কিঃ মিঃ কোন পথেৰে কেনেদৰে যাব লাগিব সকলো নীতি নিৰ্দেশনা থাকে৷ বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে আমাৰ দেশতো অধিক জনপ্ৰিয় হৈ পৰিছে গুগলৰ এই মেপ ফিচাৰ। এপ বেছড কেব ছাৰ্ভিছৰ আগমন ঘটাৰ লগে লগে এই গুগল মেপৰ ব্যৱহাৰ পূৰ্বতকৈ কেবাগুণে বৃদ্ধি পাইছে। সমগ্ৰ বিশ্ব, আমাৰ ভাৰত নতুবা অসম খনো সন্নিবিষ্ট হৈ আছে গুগল মেপছত৷

কিন্তু গুগলৰ মেপছৰ পৰা কোনোবা এটুকুৰা ঠাইৰ তথ্য আতৰ কৰিব পাৰে নেকি৷ এই প্ৰশ্ন উত্থাপন হৈছে অসমত৷ কিয়নো অসমৰ ছচিয়েল মিডিয়াত ব্যাপক হাৰত প্ৰচাৰ হৈছে যে গুগল মেপছৰ পৰা কাৰ্বি আংলঙক আতৰ কৰা হৈছে বুলি৷ ছচিয়েল মিডিয়াৰ এই খবৰ সংবাদ মাধ্যমতো ঠাই লাভ কৰে৷ কিন্তু এই সন্দৰ্ভত এক অনুসন্ধান কৰি জানিব পৰা যায় যে পূৰ্বৰ পৰাই কাৰ্বি আংলঙ বুলি গুগল মেপছৰ এপত চাৰ্জ কৰিলে এতিয়া দেখাই থকাৰ দৰেই দেখাই আছিল বুলি জানিব পৰা যায়৷ 

গুগল মেপছৰ পৰা এতিয়ালৈ কাৰ্বি আংলঙৰ সমস্ত পথ নিৰ্দেশনা আছে বুলি জানিব পৰা যায়৷ ডকমকা চাৰ্জ কৰি চালে সমস্ত পথ নিৰ্দেশনা ওলাই পৰে৷ আজিও ডকমকা চাৰ্জ কৰিলে যদি তথ্য ওলাই তেন্তে কিদৰে দাবী কৰিব পাৰে কাৰ্বি আংলঙক গুগল মেপছৰ পৰা আতৰ কৰা বুলি৷ তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে৷ আনহাতে গুগল মেপছে এটুকুৰা নিৰ্দিষ্ট ঠাইৰ পথ নিৰ্দেশনা বন্ধ কৰিব নোৱাৰে বুলিও জানিব পৰা যায়৷ 

কাৰ্বি আংলঙৰ ডকমকাৰ পাঞ্জুৰী নামৰ গাঁৱত ছচিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই প্ৰতিয়ন গৈ একাংশ লোকে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ্যজুৰি ৰাইজ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ এই কাণ্ডৰ পিছতে গুগল এপছৰ পৰা পথ নিৰ্দেশনা বন্ধ কৰা বুলি প্ৰচাৰ হৈ আহিছে৷

আনহাতে এই খবৰ একাশ ষড়যন্ত্ৰমূলক ভাবে প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ গুগল মেপ ব্যৱহাৰ কৰিব নজনাৰ বাবেই পথ নিৰ্দেশনা উলিযাব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে একাংশ লোকে৷ সোপাধৰাৰ খবৰৰ ছচিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ দৰেই এই খবৰো প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷