
Image for Representation
গৰৈমাৰীঃ পুনৰাই চুৰিকাণ্ড সংঘটিত হ’ল দক্ষিণ কামৰূপৰ গৰৈমাৰী বজাৰত। মাথো কিছুদিন পূৰ্বে এখন মোবাইল দোকানত চোৰে চাফাই অভিযান চলোৱাৰ পাছত দেওবাৰে নিশা পুনৰ চোৰে আন দুখন মোবাইলৰ দোকানত হাত দিয়ে।
গৰৈমাৰী আৰক্ষী চকীৰ সমীপৰ জিয়াৰুল হক আৰু আলী হুছেইনৰ মোবাইলৰ দোকানত চোৰে লুট-পাত চলায়। কেইবা লক্ষাধিক টকাৰ মূল্যৰ মোবাইল হেণ্ডছেট চোৰে লৈ যায় বুলি দোকানৰ গৰাকীয়ে জানিবলৈ দিছে।