
গৰৈমাৰিঃ অগপ, বিজেপি আৰি বিপিএফ দলে সৰ্ব প্ৰকাৰৰ উন্নয়ণ কৰাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰিছিল৷ ৰাইজে উন্নয়ণৰ স্বাৰ্থত ভোট দিছিল অসমৰ জনসাধৰণে৷ গ্ৰাম্য অঞ্চলৰ ৰাইজে বহু আশাৰে যোৱাটো নিৰ্বাচনত ভোট দিছিল চৰকাৰ খনক৷ কিন্তু চৰকাৰ গঠনৰ ২০ মাহ পাৰ হ’ল যদিও ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়৷
পূৰ্বৰ চৰকাৰৰ দিনত স্থাপন হোৱা চিকিৎসালয় সমূহকো চৰকাৰ খনে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ যাৰ ফলত গ্ৰাম্যঞ্চলৰ লোকসকলে ব্যাপক সমস্যাত পৰে। দক্ষিণ কামৰূপৰ গৰৈমাৰীত এখন চিকিৎসালয় স্থাপন কৰিছিল পূৰ্বৰ চৰকাৰে৷ ২০১১ চনত সেই সময়ৰ কংগ্ৰেছ দলৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি দলৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জোৰশিমুলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। ৪ বছৰ পূৰ্বে জোৰশিমুলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কাম সম্পূৰ্ণ হৈছে যদিও আজিলৈকে স্বাস্থ্য কেন্দ্ৰ খন মুকলি কৰাৰ বাবে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷
জাতি মাটি ভেটি ৰক্ষাৰ শ্ল’গানেৰে চৰকাৰ গঠন কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা চিকিৎসালয় খন গুৰুত্ব আৰোপ নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ স্বাস্থ্য কেন্দ্ৰটোৰ চৌহদত এতিয়া নিশা মদৰ আড্ডা কে আদি কৰি অসামাজিক কৰ্ম কাণ্ড সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে।
চিকিৎসালয়ৰ চৌহদত মদৰ বটল পৰি থকাও দেখা যায়৷ চিকিৎসালয়ত এতিয়া গৰু-ছাগলীৰ বাসস্থানত পৰিণত হৈছে৷ মন্ত্ৰী হিমন্তৰ স্বাস্থ্য বিভাগে কোন স্বাস্থ্য কেন্দ্ৰটো মুকলি নকৰাত স্বাস্থ্য কেন্দ্ৰটোৰ পানীৰ পাইপ লাইন, বিদ্যুৎ পৰিবাহী তাৰ আৰু খিৰিকী সমূহ ভাঙিবলৈ আৰম্ভ কৰিছে। ছয়গাঁৱৰ গৰৈমাৰী আৰু বকোৰ সোণতলীত স্বাস্থ্য কেন্দ্ৰ দুখন আছে যদিও জোৰশিমুলীৰ পৰা গৰৈমাৰী ১০ কিলোমিটাৰ আৰু সোনতলী ১০ কিলোমিটাৰ বাট অতিক্ৰম কৰি চিকিৎসালয়লৈ যাব লগা হয়৷