
গোৰেশ্বৰঃ বিটিএডিত এতিয়া প্ৰশাসন তথা সামৰিক বাহিনীৰ লোকৰ জীৱন-সম্পত্তিয়ে সুৰক্ষিত নহয়৷ সামৰিক বাহিনীৰ লোকৰ ৫ লাখ টকা লুটি নিয়াৰ পিছত সাধাৰণ লোকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ প্ৰশ্ন উত্থাপন হৈছে৷ বাক্সা জিলাৰ গোৰেশ্বৰ থানা এলেকাৰ কদমগুৰিত ৰাজ পথৰ পৰা বুধবাৰে দিন দুপৰতে এগৰাকী চিআৰপিএফৰ বিষয়াক দুৰ্বত্তই লুটি নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গোৰেশ্বৰত৷
এএচ-০১-বিজেদ-৭৮০৪ নম্বৰৰ আই-১০ গাড়ীৰে গোৰেশ্বৰৰ পৰা বঙাইগাঁও অভিমুখে গৈ থকা অৱস্থাত গোৰেশ্বৰ টাউনৰ সমীপৰ কদমগুৰিত জনশূন্য ঠাইত দুজনীয়া দুৰ্বত্তৰ দলে লুটি লৈ যায় ৫ লাখ টকা৷ গোৰেশ্বৰ ৰামছা চ’কস্থিত চিআৰপিএফৰ কেম্পৰ অ’চি প্ৰশান্ত সিংহৰ পৰা লুটি নিয়ে টকাখিনি৷ জানিব পৰা মতে, গোৰেশ্বৰ চিআৰপিএফ কেম্পৰ অ'চি প্ৰশান্ত সিংহ বৰ্তমান ছুটীত আছিল৷
বৰ্তমান ছুটীত থকা অ'চি প্ৰশান্ত সিংহই বঙাইগাঁৱৰ নিজ গৃহৰ পৰা গোৰেশ্বৰলৈ আহে৷ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গোৰেশ্বৰ শাখাত থকা তেওৰ একাউন্টৰ পৰা পাঁচ লাখ টকা উলিয়াই গোৰেশ্বৰ-ৰঙিয়া পথেৰে পুনৰ গৃহ অভিমুখে যায়৷ পুৱাৰ ভাগতে গোৰেশ্বৰলৈ আহি প্ৰথমে কৰিমৰত চিআৰপিএফৰ কেম্পত গৈ খবৰ লৈ অকলে অসামৰিক পোছাকত আই-১০ গাড়ীৰে গোৰেশ্বৰ-ৰঙিয়া পথেৰে গৈ থকা অৱস্থাত কদমগুৰিত জনশূন্য প্ৰায় ৭ জনীয়া দল এটাই আগুৰি ধৰে৷
দিনৰ প্ৰায় ১২.০৫ বজাত দুখন কলা ৰঙৰ বাইক আৰু এখন বগা অল্টো গাড়ীৰে আগভেটা দিয়ে৷ দুখন কলা ৰঙৰ বাইক আৰু এখন বগা অল্টো গাড়ীয়ে গোৰেশ্বৰৰ পৰা অ'চিগৰাকীক পিছা কৰা বুলি অনুমান কৰে। বাহন কেইখনত থকা মুঠ সাতজনীয়া দলটোৱে কদমগুৰিত তেওঁৰ বাহনখনক আগভেটি ধৰি প্ৰথমে বাহনৰ গ্লাচ ভঙাৰ লগতে পিষ্টল আৰু খুকুৰি আদি দেখুৱাই ভীতি প্ৰদৰ্শন কৰি বিষয়াজনৰ পৰা পাঁচ লাখ টকা লুটি নিয়ে।
মুঠ সাত জনীয়া যুবকৰ দলটোৱে ত্ৰিশ চেকেণ্ডত এই কাণ্ড সংঘটিত কৰি গুৰমৌ পথৰে দক্ষিণ দিশে নিৰ্বিঘ্নে আঁতৰি যায়। দুৰ্বৃত্তই অ'চিৰ মোবাইল আৰু বাহনৰ চাবিও কাঢ়ি নিয়ে। গোৰেশ্বৰ আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় যদিও দুৰ্বৃত্তৰ কোনো সম্ভেদ এতিয়ালৈ পোৱা নাই। চিআৰপিএফৰ কেম্পৰ অ'চি প্ৰশান্ত সিংহই এই বিষয়ে গোৰেশ্বৰ থানাত এখন এজাহাৰ দাখিল কৰে। পূৰ্বেও এই স্থানত এনে ধৰণৰ ডকাইতি কাণ্ড সংঘটিত হৈ আহিছে৷ স্থানীয় ৰাইজে এই স্থানত নিৰপত্তাৰক্ষী নিয়োগ কৰাৰ দাবী জনায়।