গোৰেশ্বৰত কেতিয়া হ’ব বিএড কলেজ-নাৰীৰ উচ্চ শিক্ষানুষ্ঠান, বাণিজ্য-বিজ্ঞান শাখা প্ৰাদেশিকীকৰণ দাবীত প্ৰতিবাদ

গোৰেশ্বৰঃ দেশৰ প্ৰতিখন চৰকাৰে নিৰ্বাচনৰ সময়ত শিক্ষাৰ অধিকাৰ আইনৰ কথা কৈ আহিছে৷ কিন্তু চৰকাৰ গঠন কৰাৰ পিছত শিক্ষাৰ অধিকাৰ আইনৰ কথা পাহৰি যায় ৰাজনৈতিক দল তথা চৰকাৰে৷ কোটি কোটি টকা শিক্ষাৰ বিভাগটোৰ বাবে আৱন্টন দিয়ে৷

এই টকাৰে বিনামূলীয়া শিক্ষা আহৰণৰ লগতে শিক্ষা দিশ উন্নয়ন তথা দেশৰ সৰ্ব প্ৰকাৰৰ লোকৰ সন্তান সমূহে প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰাৰ ব্যৱস্থা কৰাৰ কথা প্ৰচাৰ কৰি আহিছে চৰকাৰে৷

কিন্তু দেশৰ তথা আমাৰ ৰাজ্যখনৰ এনে বহু ঠাই আছে যিসমূহ ঠাইত শিক্ষানুষ্ঠানৰ অভাৱত আজিও উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈছে কৃষক, দৰিদ্ৰ, শ্ৰমিকৰ সন্তানে৷ তেনেই এটুকুৰা ঠাই হৈছে অবিভক্ত কামৰূপ জিলাৰ বৰ্তমানৰ বিটিএটিৰ বাক্সা জিলাৰ গোৰেশ্বৰ৷ 

৮০ শতাংশ কৃষিজীৱী লোকৰ বসতি প্ৰধান গোৰেশ্বৰত আজিও নাই এখন নাৰীৰ উচ্চ প্ৰতিষ্ঠান৷ শিক্ষানুষ্ঠান নথকাৰ লগতে বিজ্ঞান আৰু বাণিজ্যৰ শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে হাহাকাৰ কৰিব লগা হয়৷ 

গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান শাখাৰ উচ্চ মাধ্যমিক পৰ্যায়লৈ পঢ়িব পাৰে যদিও নামভৰ্তিৰ সংখ্যা সীমিত৷ যাৰ ফলত বেছিসংখ্যাক ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈ অনিচ্ছা সত্বেও কলা বিষয়ত পঢ়িব লগা হয়৷ 

আনহাতে গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান শাখাৰ উচ্চ মাধ্যমিক পৰ্যায়লৈ পঢ়ি স্নাতক পৰ্যায়ৰ শিক্ষা গ্ৰহণৰ বাবে গোৰেশ্বৰৰ বাহিৰলৈ যাব লগা হয়৷ তাৰ লগে লগে বাণিজ্য শাখাতো এৰকেই অৱস্থা হয় অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ৷ হোৰেশ্বৰ মহাবিদ্যালয়ক বাণিজ্য বিভাগ আছে যদিও সম্পূৰ্ণ ব্যৱস্থা নথকাত থাকিও নৱথকাৰ দৰেই হৈছে বিভাগটো৷

কিন্তু যোৱাটো বৰ্ষৰ পৰা ৰাইজৰ প্ৰতিবাদৰ ফলত হোৰেশ্বৰ মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ আৰম্ভ হয় যদিও পৰ্যাপ্ত সকুবিধাৰ নোগোৱাৰ ফলত 
 
আনহাতে গোৰেশ্বৰ অঞ্চলত সুকীয়া বিএড কলে, কাৰীকৰি শিক্ষানুষ্ঠান, নাৰীৰ শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান নথকাৰ ফলত অঞ্চলটো শিক্ষাৰ দিশত পিছ পৰি আছে৷ যাৰ বাবে সময়ে সময়ে ছাত্ৰ-ছাত্ৰী, দল-সংগঠনে অঞ্চলটেৰা শৈক্ষিক দিশৰ অভাৱ পূৰণৰ দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই৷

তাৰ মাজতে, ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ গোৰেশ্বৰ মহাবিদ্যালয় শাখা সমিতিয়ে মভলবাৰে বিক্ষোভ প্ৰদৰ্শন কৰি শিক্ষামন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি গোৰ্শ্বৰৰ শৈক্ষিক সমস্যা সমূহ পূৰণ কৰাৰ দাবী জনায়৷ 

সংগঠনটোৰ মহাবিদ্যালয় গোটৰ সম্পাদক ইন্দ্ৰজিৎ দাস স্বাক্ষৰ কৰা স্মাৰক পত্ৰ যোগে ২০১৩ চনৰ পৰা গোৰশ্বৰ মহাবিদ্যালয়ত স্নাতক বাণিজ্য শাখা আৰু ২০১৭ বৰ্ষৰ পৰা বিজ্ঞান শাখাৰ পাঠদান আৰম্ভ হৈছে যদিও দুয়োটা শাখাই আজিলৈ প্ৰদেশিকীকৰণ নোহোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ লগতে মহাবিদ্যালয়খনে ব্যাপক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে৷

উচ্চশিক্ষা গ্ৰহণ বাবে বৃহত্তৰ অঞ্চলটোৰ ষথেষ্ঠ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বাণিজ্য আৰু বিজ্ঞান শাখাত নামভৰ্তি কৰিবলৈ আহে তাৰ পিছতো উচ্চশিক্ষা গ্ৰহণৰ ক্ষেত্ৰত পোৱা বাধাৰ বাবে হাহাকাৰ কৰিব লগা হয়। প্ৰাদেশিকীকৰণৰ নোহোৱাৰ ফলত দুয়োটা শাখাতে একাধিক ঠিকাভিত্তিক শিক্ষকৰে পাঠদান চলাবলগীয়া হৈছে। 

নামভৰ্তি মাচুল ৰেহাইৰ সুবিধাৰ পৰা দুয়োটা শাখাৰ ছাত্ৰ-ছাত্ৰী বঞ্চিত হ'ব লগা হৈছে। উল্লেখ্য যে, গোৰেশ্বৰ মহাবিদ্যালয় কৰ্তৃপক্ষই ২০১৭-১৮ বৰ্ষৰ নামভৰ্তিৰ সময়ত দুয়োটা শাখাৰ পৰা কোনো মাচুল গ্ৰহণ কৰা নাছিল যদিও দ্বিতীয় ষণ্মাসিকৰ আৰম্ভণিতে চৰকাৰী নিয়মমতে মাচুল ৰেহাই উপলব্ধ নহ'ব বুলি ঘোষণা কৰাত এতিয়া দুখীয়া মেধাবী ছাত্ৰ-ছাত্ৰীসকল হতাশাত ভুগিব লগা হৈছে৷

সমস্যা সমাধানৰ বাবে দুয়োটা শাখা প্ৰাদেশিকীকৰণ কৰাৰ দাবীত মহাবিদ্যালয়খনৰ পৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ হাতে বাতে প্লেকাৰ্ড, ফেষ্টুন প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন শ্ল’গান দি সমদল উলিয়াই সংগঠনটোৱে। 

চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগনত গোৰেশ্বৰ আঞ্চলিক এছ এফ আইৰ সভাপতি বিৰাজ ডেকাই ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনক লৈ হেতালি নেখেলি সমস্যা সমাধানৰ বাবে দাবী জনায়।