কিশোৰীক যৌন নিৰ্যাতন, গোৰেশ্বৰত উত্তাল প্ৰতিবাদ

গোৰেশ্বৰঃ বিটিএডিৰ বাক্সা জিলাৰ গোৰেশ্বৰত ছাত্ৰ সংগঠনৰ উত্তাল প্ৰতিবাদ৷ আৰক্ষীয়ে কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত শিক্ষকক কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ছাত্ৰ সংগঠনে৷

২ অক্টোবৰত ২ নং গোৰেশ্বৰ ৰেল কল'নি নিবাসী তথা বেতনা কাউৰবাহা মিলন এম ই স্কুলৰ প্ৰধান শিক্ষক ফিদ্দুছ ৰহমানে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰি ছাত্ৰীগৰাকীৰ মাতৃয়ে গোৰেশ্বৰ থানাত ৩ অক্টোবৰত এজাহাৰ দাখিল কৰিছিল।

৪ অক্টোবৰত শিক্ষকগৰাকীক আটক কৰাৰ দাবীত কেবাটাও সংগঠনে থানা ঘেৰাও কাৰ্যসুচী ৰূপায়ণ কৰাত ১২ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰক্ষীয়ে।

১২ ঘন্টা উকলি যোৱাত অভিযুক্তক প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। শুকুৰবাৰে অভিযুক্তক কৰায়ত্ত কৰাৰ দাবীত পুনৰ উত্তাল হৈ পৰে গোৰেশ্বৰ। পুৱা ৯ বজাত গোৰেশ্বৰ মেইন চ'কত প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই অভিযুক্ত ফিদ্দুছ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই। ইপিনে আজিও পুনৰ এক প্ৰতিবাদী মিছিলৰ আয়োজন কৰা হৈছে।

গোৰেশ্বৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলা প্ৰাংগনত আছু, আক্ৰাছু, এবছু, বিএছ ইউ, মাৰোৱাৰী যুৱ মঞ্চ, এছএফআই, শৰণীয়া কচাৰী ছাত্ৰ সন্থা, বিজেপি যুৱ মৰ্চা, বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আদিকে ধৰি কেবাটাও দল-সংগঠনৰ লগতে অঞ্চলটোৰ ভালেকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিবাদী ৰাইজ সমবেত হোৱাৰ কথা। 

পুনৰ থানা ঘেৰাও কৰাৰ লগতে অভিযুক্তক কাৰায়ত্ত কৰাৰ দাবীত ৰাজপথ উত্তাল কৰিব প্ৰতিবাদকাৰী সকলে। গোৰেশ্বৰ ব্যৱসায়ী সমিতিয়ে এই প্ৰতিবাদী মিছিলত সমৰ্থন দিয়াৰ লগতে এই সময়ছোৱাত গোৰেশ্বৰ চহৰখনৰ ব্যৱসায়ীসকলে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখে।