
গুৱাহাটীঃ ৰঙালী বিহু অসমীয়াৰ জাতীয় উৎসৱ৷ জাতিটোৰ প্ৰাণৰো প্ৰাণৰ বহাগ বিহুক লৈ এতিয়া ৰাজ্যজুৰি উছাহৰ ঢল বৈছে৷ উজনি-নামনিত ৰাইজে শনিবাৰে পুৱাই ঘৰৰ পৰা ওলাই আহি নৈৰ পাৰত সমবেত হয়৷ ‘‘লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা৷ মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু৷ দীঘলতি দীঘল পাত, মাখি মাৰো জাত জাত৷’’ নৈৰ পাৰত পৰম্পৰা অনুযায়ী আপ্তবাক্যশাৰী আওৰাই পুৱাই অসমৰ চহৰে-নগৰে, গাঁৱে-ভূঞে পৰম্পৰাগতভাবে গো-সম্পদত সন্মান জনাই অসমীয়াই৷
‘‘লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা৷ মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু৷ দীঘলতি দীঘল পাত, মাখি মাৰো জাত জাত৷’’ শনিবাৰে অসমৰ চহৰে-নগৰে, গাঁৱে-ভূঞে অসমীয়াই পুৱাৰে পৰা গৰু বিহু পালন কৰিছে৷ পৰম্পৰাগতভাবে গো-সম্পদক সন্মান জনালে অসমীয়াই৷ পুৱাতে গৰুক মাহ-হালধি আৰু মিঠাতেলেৰে নোৱাই-ধুৱাই লাও, বেঙেনা, থেকেৰা, কেৰেলা আদিৰে গাত ছাট মাৰি মাখিয়তী–দীঘলতিৰে কোবাই নৈত গা-ধুৱালে চহা খেতিয়কে৷
ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে প্ৰকৃতি আৰু মানৱ জীৱনলৈও স্বাভাবিকতে বৈ আহে আনন্দৰ নিজৰা৷ মন-প্ৰাণ সজীৱ কৰি তোলে। প্ৰতিজন অসমীয়াৰ অতি চেনেহৰ বাপতিসাহোন বিহু সম্প্ৰতি পদাৰ্পণ কৰিলে পদূলিমুখত। সেয়ে ব’হাগী ব’হাগী গোন্ধেৰে আমোল-মোলাই পৰিছে৷ এনে এক ৰমক-জমক পৰিবেশতেই অসমীয়াই পালন কৰে বাপতি সাহোন ব’হাগ-ৰঙালী বিহু৷ বিহুৰ লগত অসমৰ কৃষিজীৱি সমাজখনৰ প্ৰতিচ্ছবি স্পষ্টৰূপত প্ৰতিফলিত হয়৷
যিহেতু কৃষিজীৱি সমাজখনত গৰুয়ে চিৰকালেই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে, সেয়েহে কৃষক ৰাইজে ব’হাগ বিহু পালন কৰোতে প্ৰথমে গৰু বিহুকে পালন কৰে৷ চ’ত আৰু ব’হাগ মাহৰ পবিত্ৰ সংক্ৰান্তিৰ দিনা ওলহ-মালহেৰে পালিত হয় গৰু বিহু৷
সেইদিনা পুৱাতে গৰুক মাহ-হালধি আৰু মিঠাতেলেৰে নোৱাই-ধুৱাই লাও, বেঙেনা, থেকেৰা, কেৰেলা আদিৰে গাত ছাট মাৰি এৰি দিয়া হয় আৰু সন্ধিয়া গৰুক বেছ আদৰ-সাদৰেৰে গোহালিলৈ অনা হয়৷
তাৰ পিছত গামোচাৰ দহি আৰু তৰা বনৰ আঁহেৰে প্ৰস্তুত কৰা তথা তুলসীপাত মেৰিওৱা নতুন পঘাৰে গৰু বন্ধাৰ উপৰি গোহালি আৰু পদূলিত মৰলীয়া বন, অগৰু বন আৰু তুঁহৰ জাগ দি মাখিয়তী গছৰ পাত তথা ন-বিছনীৰে বিচি দি শ্ৰদ্ধাৰে পিঠা-পনা খুৱাই গো-সেৱা কৰাটো অসমীয়া সমাজৰ অতি প্ৰাচীন পৰম্পৰা৷