নগাঁৱৰ ধৰ্ষণ কাণ্ডক ধৰ্মীয়কৰণ কৰাটো অতিশয় দুৰ্ভাগ্যজনকঃৰাজ্যপাল মুখী

ওদালগুৰিঃ মঙলবাৰে পুৱাই ওদালগুৰিত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী। ওদালগুৰিত অনুষ্ঠিত আৰ্য সমাজৰ চতুৰ্বেদ শতক পৰায়ণৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ সাংবিধানিক মুৰব্বীগৰাকীয়ে। ৰাজ্যপালগৰাকীয়ে ওদালগুৰি চহৰৰ মাজমজিয়াৰ গোল্মাগাঁও উচ্চ ইংৰাজী বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে বিদ্যালয়খনৰ শৌচাগাৰ-প্ৰস্ৰাৱগাৰ পৰিদৰ্শন কৰি স্বচ্ছতা সম্পৰ্কে সকলোকে সজাগ হবলৈ আহ্বান জনায়। 

স্বচ্ছতাৰ জৰিয়তে সকলোৱে এক সু-স্বাস্থ্য অধিকাৰী হ’ব পাৰে বুলি কয়। ৰাজ্যপাল মূখীয়ে নগাঁৱৰ বটদ্ৰৱাত সংঘটিত ধৰ্ষণ কাণ্ড অতি জঘন্য কিন্তু ইয়াক ধৰ্মীয়কৰণ কৰাটো অতিশয় দুৰ্ভাগ্যজনক বুলি কয়। সমাজত নাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আৰু ধৰ্ষণৰ ঘটনা ৰোধ কৰাটো কেৱল প্ৰশাসনৰেই কৰ্তব্য নহয়। সমাজৰ প্ৰতিজন ব্যক্তি সজাগ, সচেতন আৰু দ্বায়িত্বশীল হ’ব লাগিব। 

দেশত বৃদ্ধি হোৱা নাৰীজনিত অপৰাধজনিত ঘটনাত উদ্বেগ প্ৰকাশ কৰি কেৱল আৰক্ষী প্ৰশাসনৰ ওপৰত ভৰষা কৰি থাকিলেই এনেবোৰ ঘটনা ৰোধ নহয় বুলি উল্লেখ কৰি সমাজত নাৰীৰ প্ৰতি সকলোৰে দৃষ্টিকোণ সলনি হ’ব লাগিব বুলি উল্লেখ কৰে। ওদালগুৰি আৰ্য সমাজৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চতুৰ্বেদ শতক পৰায়ণ সমাৰোহৰ সামৰণী অনুষ্ঠানত ৰাজ্যপাল জগদীশ মূখী উপস্থিত থাকি আৰ্য সমাজৰ প্ৰতিষ্ঠাতা মহৰ্ষি দয়ানন্দ সৰস্বতীৰ জীৱন আদৰ্শৰ ওপৰত আলোকপাত কৰে। 

আধ্যাত্মিক জ্ঞান চৰ্চাইহে সমাজৰ অপশক্তিক নাশ কৰিব পাৰিব বুলি মন্তব্য প্ৰদান কৰে। ৰাজ্যপালগৰাকীয়ে ওদালগুৰি ৰেচম বিভাগৰ কাৰ্যালয়ৰ লগতে ওদালগুৰি অসামৰিক চিকিৎসালয়খন পৰিদৰ্শন কৰে। ভ্ৰমণকালত তেওঁক সংগ প্ৰদান কৰে জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে।