
newsnextone.com | ডিফুঃ চালানী মাছত বিষাক্ত ফৰ্মেলিনৰ উপস্থিতি ধৰা পেলোৱাৰ পিছত ৰাজ্য চৰকাৰে চালানী মাছৰ বিক্ৰি নিষিদ্ধ কৰাৰ লগতে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুতো ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷
এক বিবৃতি যোগে গ্ৰেটাৰ ডিফু বজাৰ সমিতিয়ে ডিফু চহৰতো চালানী মাছ বিক্ৰি নিষিদ্ধ কৰা বুলি জানিবলৈ দিয়ে৷ চালানী মাছ পুনৰ বিক্ৰিৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ পৰা সেউজ সংকেত পোৱাৰ লগে লগে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে ডিফু বজাৰ সমিতিয়ে৷
আনহাতে চালানী মাছৰ বিক্ৰি বন্ধ কৰাৰ পিছত মাছ বেপাৰীসকলে স্থানীয় মাছৰ মূল্য অত্যধিক বৃদ্ধি নকৰিবলৈ আহ্বান জনাইছে গ্ৰেটাৰ ডিফু বজাৰ সমিতিয়ে ৷