শিৱসাগৰত গুণোৎসৱৰ গুণক লৈ ব্যস্ত শিক্ষক-ছাত্ৰ

 গৌৰীসাগৰঃ উজনি-নামণিৰ শিক্ষক-ছাত্ৰৰ বাবে এতিয়া গুণোৎসৱৰ বতৰ৷ শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৱে ব্যস্ত গুণোৎসৱৰ বাবে৷ বিগত এমাহত ৰাজ্যত বিভিন্ন প্ৰান্তত শিক্ষকে আত্মহত্যা বা হৃদক্ৰীয়া বন্ধ হৈ শিক্ষকে অকাল মৃত্যুক সাৱটি লোৱাৰ অভিযোগ উত্থাপিত হৈছে তেনে সময়তে ৰাজ্যৰ শিক্ষানুষ্ঠানত ১০ অক্টোবৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ মঙলবাৰে দ্বিতীয় দিন৷

গুণোৎসৱ নিয়াৰিকৈ সম্পন্ন কৰি উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বাবে ইতিমধ্যে শিক্ষা খণ্ড সমূহত প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি জানিব পৰা গৈছে৷ গুণোৎসৱৰ বাবেই বিদ্যালয়সমুহো ন-ৰূপত সজাই তুলিছে। বিদ্যালয়সমুহত ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন অনুপাতে শিক্ষকৰ অভাৱ, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হোৱা সত্বেও প্ৰতিখন বিদ্যালয়ে গুণোৎসৱক যাতে ভাল ফলাফল লাভ কৰিব পাৰে তাকে লৈ আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি।

ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানৰ শৈক্ষিক উন্নয়ন সাধন কৰাৰ বাবে শিক্ষা বিভাগে আৰম্ভ কৰিছে গুণোৎসৱ৷ মঙলবাৰৰ পৰা শিৱসাগৰ জিলাৰ মুঠ ছটা শিক্ষা খণ্ডতে আৰম্ভ হ'ল দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷ শিৱসাগৰ জিলাৰ শিৱসাগৰ, জয়সাগৰ, গৌৰীসাগৰ, কালুগাঁও, নামতি, চাৰিং, মেটেকা, দিখৌমুখ আৰু ৰূপহীমুখ শিক্ষাখণ্ডত অনুষ্ঠিত হৈছে গুণোৎসৱ৷ গুণোৎসৱৰ মূল্যায়ণৰ ক্ষেত্রত কোন বিদ্যালয়ে স্থান লাভ কৰিব কোন চিআৰচিয়ে সফল হ’ব তাক লৈ বিদ্যালয়সমূহত ব্যাপক চৰ্চা আৰম্ভ হৈছে৷

গুণোৎসৱত প্ৰতিখন শিক্ষানুষ্ঠানে স্ব-মূল্যায়ন সম্পন্ন কৰাৰ পাছত ১১, ১২ আৰু ১৩ অক্টোবৰত বিশেষ একোগৰাকী বিষয়াই পৰিদৰ্শক হিচাপে মুঠ তিনিখনকৈ বিদ্যালয় পৰিদৰ্শন কৰি মূল্যায়ন নিৰ্দ্ধাণ কৰিব৷ গুণোৎসৱৰ কাৰ্যসুচী সফল কৰিবলৈ শিৱসাগৰ জিলাৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰ, অতিৰিক্ত উপায়ুক্ত অশ্বিনি কুমাৰ দলে, মুন গগৈ, বিদিত দাস, জিলা উন্নয়ন আয়ুক্ত অভিজিৎ বৰুৱা, শিৱসাগৰ জিলা শিক্ষা বিষয়া আব্দুল জেলিলৰ ব্যাপক প্ৰচাষ্টা চলাই তথা পৰিলক্ষিত হয়৷

জিলাখনৰ প্ৰতিটো বিভাগৰ বিষয়াই গুণোৎসৱত জড়িত হৈ পৰিছে৷ গুণোৎসৱক লৈ একাংশ লোকৰ প্রতিক্রিয়াও মন কৰিব লগীয়া৷ কিয়নো শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ লোৱা পদক্ষেপক সকলোৱে আদৰণী জনাইছে যদিও পৰৱৰ্তী সময়ত প্ৰশাসনে বিদ্যালয় সমূহক মনোযোগ নিদিলে শিক্ষানুষ্ঠানৰ মানদণ্ড অনুন্নত হোৱাৰো আশংকা প্ৰকাশ কৰে৷ ইয়াৰ মাজতে একাংশ বিদ্যালয়ে দিনে-নিশাই কাম কৰা পৰিলক্ষিত হৈছে৷