আমেৰিকাত অস্ত্ৰধাৰীৰ আক্ৰমণ, নিহত ৫০, আহত ২০০

ফটো,উৎস ইন্টাৰনেট,
ফটো,উৎস ইন্টাৰনেট

ডিজিটেল ডেস্কঃ আমেৰিকাৰ লাছ ভেগাছত বন্দুক ধাৰীৰ আক্ৰমণত প্ৰায় ৫০গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় দুই শতাধিক লোক গুৰুতৰ ভাবে আহত হয়৷ এখন ৰেষ্টুৰেষ্টৰ ৩২ মহলাত এটি সংগীতৰ অনুষ্ঠান চলি থকাৰ সময়তে অস্ত্ৰধাৰীয়ে যধে-মধে গুলী বৰ্ষণ কৰে৷ ঘটনাস্থলিত ১০গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে অন্য লোকসকলৰ চিকিৎসালয়ত মৃত্যু হয়৷

জানিব পৰা মতে, এখন হোটেলৰ খিৰিকিৰে সংগীতৰ অনুষ্ঠানত সমবেত লোকক উদ্দেশ্যে ধাৰাষাৰ গুলীবৰ্ষণ কৰে৷ প্ৰথম অৱস্থাত সংগীতৰ অনুষ্ঠানত সমবেত লোকসকলে কত কি হ’ল উৱাদিহ পোৱা নাছিল৷ সংগীতৰ অনুষ্ঠান উপলক্ষে ফটকা-ফুটুৱা বুলি অনুমান কৰিছিল৷ কিছুসময় পিছতে সকলোৰে ভুল ভাঙে৷

ঘটনাস্থলিৰ পৰা যিয়ে যেনেকৈ পাৰে পলাবলৈ চেষ্টা কৰে৷ পলাবলৈ চেষ্টা কৰাৰ সময়তো বহু লোক আহত হয়৷ আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ অস্ত্ৰধাৰীক কাবু কৰিবলৈ চেষ্টা চলাই বহু সময় সফল হ’ব পৰা নাছিল৷ অস্ত্ৰধাৰীয়ে আৰক্ষীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰিবলৈ ধৰে৷ আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়াত অৱশেষত আৰক্ষীৰ গুলীত অস্ত্ৰধাৰী মাৰিলু ডেনলীৰ মৃত্যু হয়৷ আৰক্ষীৰ মতে ডেনলী নামৰ লোকজন আন এজন যুৱক সহ উক্ত স্থানত উপস্থিত হয়৷ দুগৰাকী আৰক্ষীৰ বিষয়াও আহত হয়৷